পাক পাৰমাণৱিক প্রকল্পৰ সমীপত ভাৰত-ৰ আক্রমণৰ পাছতেই যুদ্ধবিৰতি ঘোষণা
🔹 ‘নিউয়র্ক টাইমছ’ৰ বাতৰিক লৈ আলোড়ন
নিউজ ডেস্ক, ১৩ মে’ : ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিক লৈ নিউয়র্ক টাইমছত প্রচাৰিত প্রতিবেদনে আলোড়নৰ সৃষ্টি কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ হস্তক্ষেপত পাৰমাণৱিক শক্তিসম্পন্ন ভাৰত আৰু পাকিস্তানৰ অঘোষিত চাৰিদিনীয়া যুদ্ধত বিৰতি হয় বুলি বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমে প্রচাৰ কৰিছে৷ এই তথ্য নিউয়র্ক টাইমছে প্রচাৰ কৰিলেও ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ বিস্ফোৰক তথ্য এটিও প্রচাৰ কৰিছে৷ যি তথ্যই সমগ্র বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে৷ পাকিস্তানে ভাৰতৰ জম্মু–কাশ্মীৰৰ পৰা পঞ্জাবলৈকে স্থল আৰু আকাশমার্গেৰে আক্রমণ চলায় যদিও ভাৰতীয় সেনাই সকলো আক্রমণ সম্পূর্ণভাৱে ব্যর্থ কৰে৷ ইয়াৰ বিপৰীতে ভাৰতীয় সেনাই পাকিস্তানৰ ভূমিত সামৰিক ঘাটিকে ধৰি বায়ু প্রতিৰক্ষা ব্যৱস্থাত আক্রমণ চলায়৷ ভাৰতীয় সেনাৰ আক্রমণত চিৰবৈৰী ৰাষ্ট্রখনৰ বায়ু প্রতিৰক্ষা ব্যৱস্থা বিকল হৈ পৰে৷ ঠিক তেনেদৰে কেইবাটাও সামৰিক ঘাটি বিধ্বস্ত হয়৷ ইয়াৰ ভিতৰত পাকিস্তানৰ ৰাৱালপিণ্ডিৰ সমীপত নুৰ খান বায়ু ঘাটিত ভাৰতীয় সেনাই প্রচণ্ড আক্রমণ চলাই বিধ্বস্ত কৰি তোলে৷ এই নুৰ খান বায়ু ঘাটিৰ সমীপতেই আছে পাৰমাণৱিক প্রকল্প৷ অর্থাৎ পাৰমাণৱিক অস্ত্র–শস্ত্রৰ ভাণ্ডাৰ৷ নুৰ খান বায়ু ঘাটিত ভাৰতৰ মিছাইল আক্রমণে অঞ্চলটোত একধৰণৰ শংকাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কিয়নো ভাৰতৰ মিছাইল আক্রমণে পাকিস্তানৰ পাৰমাণৱিক প্রকল্পত আঘাত হনাৰ শংকা ঘনীভূত হৈছে৷ তথ্য মতে, ভাৰতীয় সেনাৰ আক্রমণত পাৰমাণৱিক প্রকল্পৰ ওপৰতো প্রভাৱ পৰাত তেজষ্ক্রিয় ৰশ্মি বিকিৰণ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে৷ তথ্য মতে, আমেৰিকা যুক্তৰাষ্ট্রই গোপনে এই অঞ্চলত সন্ধান চলাই তেজষ্ক্রিয় ৰশ্মি বিকিৰণৰ তথ্য লাভ কৰে৷ ইয়াৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্রই পাকিস্তানৰ ওপৰত এই সন্দর্ভত আলোচনা কৰে৷ নুৰ খান বায়ু ঘাটিত আক্রমণ কৰাৰ পাছত ভাৰতীয় সেনাৰ প্রত্যাক্রমণ হিচাপে পাকিস্তানী সেনায়ো পাৰমাণৱিক প্রকল্পত আক্রমণৰ সম্ভাৱনা বৃদ্ধি পাব ধৰে৷ দুই পাৰমাণৱিক শক্তিৰ মাজত যুদ্ধৰ তীব্রতা বৃদ্ধি পালে অঞ্চলটোলৈ বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আমেৰিকা যুক্তৰাষ্ট্রই ধাৰণা কৰে৷ ইয়াৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্রই পাকিস্তানৰ ওপৰত হেঁচা প্রয়োগ কৰি নতুন দিল্লীৰ সৈতে যুদ্ধবিৰতিৰ আলোচনা কৰিবলৈ একপ্রকাৰ নির্দেশ দিয়ে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ উপ–ৰাষ্ট্রপতি জে ডি ভান্স আৰু বৈদেশিক সচিব মার্কো ৰুবিয়োই পাকিস্তানক এইক্ষেত্রত সৈমান কৰায় বুলি তথ্য প্রকাশ পাইছে৷