নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফীৰ ফলাফলতেই স্পষ্ট ভাৰত–পাকিস্তানৰ মাজত শ্রেষ্ঠ কোন

নিউজ ডেস্ক, ১৭ মাৰ্চঃ চেম্পিয়নছ ট্রফীৰ মঞ্চত শ্রেষ্ঠত্বৰ খিতাপ আঁজুৰি আনিছে টীম ইণ্ডিয়াই৷ গ্রুপ পর্বত পাকিস্তানক পৰাস্ত কৰিছে ভাৰতে৷ এইবাৰ ভাৰত–পাক ক্রিকেট যুদ্ধ সম্পর্কে মুখ খুলিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁ স্পষ্ট কৰি দিলে যে ফলাফলেই জনাই দিছে দুয়োখন দেশৰ মাজত শ্রেষ্ঠ কোন৷ গ্রুপ পর্বত আধিপত্য বিস্তাৰ কৰি পাক বাহিনীক পৰাস্ত কৰে ৰোহিত শর্মাৰ দলটোৱে৷ শতৰান অর্জন কৰে বিৰাট কোহলিয়ে৷ লেক্স ফ্রিডমেনৰ পডকাষ্টত ক্রিকেট সম্পর্কে মুখ খোলে মোদীয়ে৷ তাত তেওঁক প্রশ্ন কৰা হৈছিল– দুয়োখন দেশৰ মাজত শ্রেষ্ঠ কোন? ইয়াৰ উত্তৰত তেওঁ কয় – ‘যদি টেকনিকৰ দিশৰ পৰা কোৱা হয়, তেনেহ’লে মই বিশেষজ্ঞ নহয়৷ যিসকলে ইয়াক লৈ চর্চা কৰে, তেওঁলোকে মতামত দিব পাৰিব কোন খেলুৱৈ শ্রেষ্ঠ৷’ তাৰ পিছত চিৰাচৰিত ভংগীৰে মোদীয়ে কয়– ‘কেতিয়াবা কেতিয়াবা ফলাফলে কৈ দিয়ে কোন শ্রেষ্ঠ৷ কিছুদিন পূর্বে ভাৰত–পাকিস্তানৰ মেচ অনুষ্ঠিত হৈছিল৷ তাৰ ফলাফলে কৈ দিছে কোনটো দল শ্রেষ্ঠ৷ আমি সেইদৰে অনুভৱ কৰোঁ৷’ উল্লেখ্য যে কেৱল ক্রিকেটেই নহয়, সকলো ধৰণৰ খেলা–ধূলা সম্পর্কে মতামত দাঙি ধৰে মোদীয়ে৷ তেওঁ কয় – ‘খেলা–ধূলাৰ মাজত এনে শক্তি আছে, যিয়ে সমগ্র বিশ্বক জগাই তুলিব পাৰে৷ সমগ্র দেশক একত্রিত কৰিব পাৰে৷ সেইবাবে মই সকলো সময়তে খেলা–ধূলাক গুৰুত্বসহকাৰে গ্রহণ কৰোঁ৷ মই বিশ্বাস কৰোঁ, মানুহৰ বিৱর্তনত খেলৰ ভূমিকা আছে৷’ ইয়াৰ লগতে প্রধানমন্ত্রীগৰাকীয়্ তেওঁৰ দৃষ্টিত শ্রেষ্ঠ ফুটবলাৰগৰাকী কোন এই বিষয়েও সদৰী কৰে৷ মোদীয়ে কয় – ‘আশীৰ দশকত যদি কাৰোবাক প্রশ্ন কৰা হয়, তেনেহ’লে এটা নামেই সন্মুখলৈ আহে৷ তেওঁ হ’ল মাৰাডোনা৷ অৱশ্যে আজিকালিৰ প্রজন্মক প্রশ্ন কৰিলে তেওঁলোকে লগে লগে ক’ব লিয়নেল মেছিৰ নাম৷’

You might also like