মালিনোং– গুৱাহাটীৰ পৰা ৪ ঘণ্টাত এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখন
বিশেষ বাৰ্তা, ৫ জুনঃ মালিনোং- মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা ৯০ কিলোমিটাৰ নিলগত ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত অৱস্থিত এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখন । মানুহে ইয়াক মিনি ছুইজাৰলেণ্ড বুলিও কয়। গুৱাহাটীৰ পৰা প্ৰায় ৪ ঘণ্টাৰ দূৰত্বত অৱস্থিত মালিনোঙে এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁৱৰ মৰ্যাদা লাভ কৰিছে। ২০০৩ চনত ডিস্কভাৰ ইণ্ডিয়া আলোচনীয়ে মালিনোঙক এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে চিনাক্ত কৰিছিল। উল্লেখ্য যে মালিনোং গাঁৱত এবাৰ মহামাৰী বিয়পি পৰিছিল। বেছিভাগ শিশুৱেই এই ৰোগত আক্ৰান্ত হৈছিল। অসুস্থতাৰ বাবে বহু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। অৱশেষত উপায়হীন হৈ স্কুলৰ এগৰাকী শিক্ষকে এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ পণ ল’লে। তেওঁ গাঁৱৰ মানুহক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শিক্ষাৰ প্ৰতি সচেতন কৰিবলৈ আৰম্ভ কৰে। এই অভিযান চলাবলৈ এখন সমিতিও গঠন কৰা হয়। কমিটীয়ে কিছু কঠোৰ নিয়ম বান্ধি দিলে।
গাঁৱৰ মানুহৰ ওচৰলৈ গৈ জীৱ-জন্তুবোৰ বান্ধি ৰাখিবলৈ, ঘৰতে শৌচাগাৰ নিৰ্মাণ কৰিবলৈ, আৱৰ্জনা বাঁহৰ বাকচত ৰাখি পুনঃব্যৱহাৰৰ আহ্বান জনায়। ইয়াৰ বাহিৰেও প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল। তদুপৰি থু পেলোৱা আৰু ধূমপান নিষেধ কৰা হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে মালিনোং গাঁৱৰ মানুহিখিনিয়ে এই নিয়মবোৰ গুৰুত্বসহকাৰে লৈছিল। ইয়াৰ বাবেই আজি মালিনোং এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে চিহ্নিত হৈছে। উল্লেখ্য যে বান্ধি দিয়া নিয়ম নামানিলে জৰিমনাৰো ব্যৱস্থা কৰা হৈছিল। গাঁৱৰ প্ৰতিজন নাগৰিকে ঘৰৰ বাহিৰৰ ৰাস্তা চাফা কৰাৰ দায়িত্ব লয়। কোনো ব্যক্তিয়ে যদি চাফাই কামত অংশগ্ৰহণ নকৰে, তেন্তে তেওঁক খাদ্য নিদিয়াৰো ব্যৱস্থা কৰে। মালিনোঙৰ নদীৰ পানী ইমানেই পৰিষ্কাৰ যে দেখিলে আচৰিত হ’ব। নদীখনৰ নাম দৌকি। নদীৰ কেইবাফুট তলত পৰি থকা শিলবোৰ স্পষ্টকৈ দেখা যায়। ইয়াক বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ নদীৰ ভিতৰত গণ্য কৰা হয়। নদীত থকা নাওখনলৈ চালে এনে লাগে যেন পানীৰ ওপৰত নহয়, বতাহতহে ওপঙি আছে।