নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঢ়ৈ টন বিলাহীসহ ট্রাক লৈ পলায়ন দম্পতীৰ

📌 বেংগালুৰু আৰক্ষীৰ হাতত গ্রেপ্তাৰ অভিযুক্ত
বিশেষ বাৰ্তা, ২৪ জুলাই : দুর্ঘটনাৰ ভাও ধৰি আঢ়ৈ টন বিলাহীসহ ট্রাক লৈ উধাও হৈছিল এটা দম্পতী ৷ অভিযুক্তক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে ৷ কর্ণাটকৰ ৰাজধানী বেংগালুৰুত ট্রাক লৈ উধাও হৈছিল এই দম্পতী ৷ তামিলনাডুৰ ভেলৰৰ বাসিন্দা এই দম্পতী ৰাষ্ট্রীয় ঘাইপথত ডকাইতি কৰা অপৰাধী চক্র এটাৰ সৈতে জড়িত ৷ যোৱা ৮ জুলাইত চিত্র দুর্গ জিলাৰ চিৎকা জ্বালাৰ পৰা বিলাহীভর্তি ট্রাক লৈ কোলাৰলৈ গৈছিল এগৰাকী ব্যক্তি৷ বেংগালুৰুত তেওঁৰ ট্রাক ৰখায় অভিযুক্ত দম্পতীয়ে৷ অভিযুক্ত স্বামী–স্ত্রীয়ে ট্রাকচালকগৰাকীক কয় যে ট্রাকখনে তেওঁলোকৰ গাড়ীত খুন্দিয়াইছে৷ গতিকে, ক্ষতিপূৰণ দিব লাগে৷ ট্রাকৰ চালক তথা কৃষক জনৈক মাল্লেশে ক্ষতিপূৰণ দিবলৈ অস্বীকাৰ কৰে ৷ ইয়াৰ পিছতে মাল্লেশক প্রহাৰ কৰে অভিযুক্ত দম্পতীয়ে ৷ মাল্লেশৰ হাতৰ পৰা বিলাহীসহ ট্রাকখন লৈ পলায়ন কৰে অভিযুক্ত স্বামী–স্ত্রীয়ে ৷ অৱশ্যে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে ২৮ বছৰীয়া ভাস্কৰ আৰু তেওঁৰ পত্নী ২৬ বছৰীয়া সিন্ধজাক গ্রেপ্তাৰ কৰে ৷

You might also like