নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেট বিশ্বই বর্জন কৰক আফগানিস্তানক

🔹 আমেৰিকাৰ প্রাক্তন টেনিছ তাৰকা নাভ্রাটিলোভাৰ কিয় এই দাবী ?

নিউজ ডেস্ক, ৭ জানুৱাৰী : আফগানিস্তানত তালিবানৰ শাসনৰ পিছত অষ্ট্রেলিয়াই আফগানিস্তান ক্রিকেট দলৰ সৈতে শৃংখলা খেলিবলৈ অস্বীকাৰ কৰিছিল৷ এইবাৰ কিংবদন্তি টেনিছ খেলুৱৈ মার্টিনা নাভ্রাটিলোভাই আফগানিস্তান ক্রিকেট দল বর্জনৰ আহ্বান জনাইছে৷ তালিবানৰ শাসনৰ অধীনত থকা আফগানিস্তানৰ বিৰুদ্ধে কোনেও খেলিব নালাগে বুলি দাবী কৰিছে আমেৰিকান টেনিছ তাৰকাগৰাকীয়ে৷ নাভ্রাটিলোভাৰ মতে, তালিবান শাসনৰ অধীনত আফগানিস্তানত মহিলাৰ পৰিস্থিতি অতি বেয়া৷ তেওঁলোকৰ স্বাধীনতা খর্ব কৰা হৈছে৷ তেওঁলোকৰ মৌলিক অধিকাৰ নাই৷ এই দায়িত্ব সমগ্র আফগানিস্তানে ল’ব লাগিব৷ তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে– ‘তালিবান চয়তান৷’ সঁচা কথা৷ এই কথা মই বাৰে বাৰে ক’ম৷ তেওঁলোকৰ ক্রিকেট দলক বর্জন কৰক৷ আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ পিছত মহিলাসকলক ৰাজহুৱা স্থানত উপস্থিত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ছোৱালীক স্কুল–কলেজলৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ যিকোনো নিয়ম উলংঘা কৰিলে শাস্তি৷ আফগান মহিলা ক্রিকেট দলটোকো বন্ধ কৰি দিয়া হৈছে৷ অষ্ট্রেলিয়াকে ধৰি কেইবাখনো দেশত আশ্রয় লৈছে মহিলা ক্রিকেটাৰে৷ মুঠ ৫৯টা গ্রেণ্ডশ্লাম জয় কৰা নাভ্রাটিলোভাৰ মতে এই পৰিস্থিতিত কোনেও ৰছিদ খানৰ সৈতে খেলা উচিত নহয়৷

You might also like