হোটেলত বন্দী বিতাড়ন কৰিবলগীয়া ভাৰতীয়ৰ আর্তনাদ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ হাতকেৰেয়া আৰু ভৰিত শিকলি বান্ধি অবৈধ ভাৰতীয় প্রব্রজনকাৰীক মার্কিন প্রশাসনে বিতাড়ন কৰা ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ পানামা হোটেলত বন্দী বিতাড়ন কৰিবলগীয়া ভাৰতীয়ৰ আর্তনাদে আলোড়ন তুলিছে৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত প্রতিবেদনত পানামা চহৰৰ হোটেলত বন্দী হৈ থকা ভাৰতীয় অবৈধ প্রব্রজনকাৰীয়ে সহায় বিচাৰি খিৰিকীৰে আর্তনাদ কৰিছে৷ পানামা চহৰৰ ডেকাপলিচ হোটেলৰ খিৰিকীৰে ‘আমাক সহায় কৰক’, ‘আমি ইয়াত নিৰাপদ নহয়’ বুলি আর্তনাদ কৰা ভিডিঅ’ প্রচাৰ হৈছে৷ এই হোটেলৰ সন্মুখত নিৰাপত্তা বাহিনীয়ে গিজগিজাই থকাও প্রত্যক্ষ কৰা হৈছে৷ পানামাৰ হোটেলখনত বিতাড়ন কৰিবলগীয়া ৩০০ অবৈধ প্রব্রজনকাৰী আছে৷ ইয়াৰে অধিকাংশ ভাৰতীয়৷ বাকীখিনি নেপাল, শ্রীলংকা, পাকিস্তান, আফগানিস্তান, চীন, ভিয়েটনাম আৰু ইৰানৰ৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রই বিতাড়িত লোকক পানামা চহৰৰ হোটেলত আবদ্ধ কৰি ৰাখে৷ ইয়াৰ পৰাই বিভিন্ন দেশলৈ পর্যায়ক্রমে আবদ্ধ লোকক বিতাড়ন কৰে৷ কেইবাখনো দেশে এই বিতাড়ন প্রক্রিয়াত সহযোগ নকৰা কিম্বা বিতাড়নত প্রত্যাহ্বান আহি পৰাৰ পৰিপ্রেক্ষিততে মার্কিন প্রশাসনে পানামা চহৰৰ হোটেলত বিতাড়ন কৰিবলগীয়া লোকক আবদ্ধ কৰি ৰাখে৷ মন কৰিবলগীয়া যে মার্কিন যুক্তৰাষ্ট্রৰ ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰাৰ দিনাই অবৈধ প্রব্রজনকাৰীক বিতাড়নৰ কঠোৰ নির্দেশ দিয়ে ড’নাল্ড ট্রাম্পে৷ ইয়াৰ পাছতে বিশ্বৰ বিভিন্ন দেশৰ অবৈধ প্রব্রজনকাৰীক মার্কিন প্রশাসনে গ্রেপ্তাৰ কৰি সংশ্লিষ্ট দেশলৈ বিতাড়ন কৰি আছে৷ ইতিমধ্যে ভাৰতলৈ মার্কিন সেনা বিমানেৰে তিনিটা গ্রুপত ভাৰতলৈ অবৈধ প্রব্রজনকাৰীক বিতাড়ন কৰিছে৷ ইয়াৰ মাজতে বিতাড়ন কৰিবলগীয়া কেইবাজনক পানামাৰ হোটেলত বন্দী কৰি ৰাখিছে৷ ইপিনে পানামাৰ ৰাষ্ট্রীয় প্রব্রজনকাৰী সেৱাই প্রকাশ কৰা মতে, হোটেলৰ পৰা চীনৰ মহিলা এগৰাকী পলায়ন কৰিছিল যদিও পিছলৈ সীমান্তৰ পৰা পুনৰ গ্রেপ্তাৰ কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রই নির্দয়ভাৱে অবৈধ প্রব্রজনকাৰীক বিতাড়ন কৰা প্রক্রিয়াত বিশ্বজুৰি তীব্র প্রতিক্রিয়া হোৱাৰ মাজতে এইবাৰ হোটেলত বন্দী বিতাড়ন কৰিবলগীয়া লোকৰ আর্তনাদে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷