নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ২৭লৈ বৃদ্ধি

📌 এতিয়াও সন্ধানহীন ৮১জন
বিশেষ বাৰ্তা, ২৩ জুলাই : মহাৰাষ্ট্রৰ ৰায়গড়ত ১৪৪ ধাৰা জাৰি কৰিবলৈ বাধ্য হ’ল প্রশাসন৷ ভূমিস্খলনৰ ফলত ৰায়গড়ত প্রাণ হেৰুওৱা লোকৰ সংখ্যা এতিয়ালৈকে ২৭গৰাকীলৈ বৃদ্ধি পাইছে৷ ইফালে, ধ্বংসস্তূপত থকা মৃতদেহৰ দুর্গন্ধই সমগ্র অঞ্চলটোত সৃষ্টি কৰিছে শোচনীয় পৰিস্থিতি৷ গতিকে এই ধ্বংসস্তূপৰ ওচৰলৈ যাতে কোনো লোক যাব নোৱাৰে, তাক নিশ্চিত কৰিবলৈ জাৰি কৰা হৈছে ১৪৪ ধাৰা৷ এতিয়াও চলি আছে উদ্ধাৰকার্য৷ উল্লেখনীয় যে ভয়াৱহ ভূমিস্খলনৰ ফলত কেইবাটাও বাসগৃহ বিধ্বস্ত হৈছে ৰায়গড়ত৷ এতিয়াও সন্ধান পোৱা নাই ৮১গৰাকী লোকৰ৷ ধ্বংসস্তূপত এই লোকসকলৰ মৃতদেহ আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে৷ এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহবোৰৰ ভিতৰত ১২গৰাকী মহিলা, ১০জন পুৰুষ আৰু চাৰিটা শিশু আছে৷ এজন লোকৰ দেহাৱশেষ উদ্ধাৰ হৈছে যদিও চিনাক্ত কৰিব পৰা নাই প্রশাসনে৷

You might also like