গাজাৰ যুদ্ধত নিহতৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি
🔹 পেলেষ্টাইনী ভূ–খণ্ডত অব্যাহত ইজৰাইলৰ নৰমেধ
নিউজ ডেস্ক, ২৫ মার্চ : ইজৰাইল আৰু পেলেষ্টাইনপন্থী সশস্ত্র সংগঠন হামাছৰ মাজত ১৮ মহীয়া যুদ্ধত গাজা ভূ–খণ্ডত নিহত পেলেষ্টাইনী লোকৰ সংখ্যাই ৫০ হাজাৰ অতিক্রম কৰিছে৷ যুদ্ধবিধ্বস্ত গাজাত এতিয়া কেৱল বোমাৰ শব্দ আৰু পোৰা বাৰুদৰ গোন্ধ৷ সামৰিক যুদ্ধবিৰতিৰ পাছত পুনৰ নতুনকৈ গাজা ভূ–খণ্ডত অভিযান আৰম্ভ কৰিছে ইজৰাইলী সেনাই৷ পৰহিৰে পৰা ইজৰাইলৰ আক্রমণত গাজাত নিহত হৈছে ২৬জন পেলেষ্টাইনী৷ নিহতসকলৰ ভিতৰত হামাছৰ এগৰাকী শীর্ষ নেতাও আছে৷ ইফালে, নিহতসকলৰ গৰিষ্ঠসংখ্যকেই শিশু আৰু মহিলা বুলি দাবী কৰিছে গাজাৰ স্বাস্থ্য মন্ত্রালয়ে৷ নতুনকৈ আক্রমণ আৰম্ভ কৰাৰ পাছৰে পৰা বিগত প্রায় এটা সপ্তাহত গাজাত ইজৰাইলৰ বোমা–ক্ষেপণাস্ত্রৰ আঘাতত নিহত হৈছে ছয় শতাধিক লোক৷ শেহতীয়াকৈ আহত হৈছে সহস্রাধিক লোক৷ এই নতুনকৈ নিহত লোকসকলৰ ভিতৰত আছে দুই শতাধিক শিশু৷ লক্ষণীয়ভাৱে গাজাত এই নতুন আক্রমণৰ বাবে হামাছকেই জগৰীয়া কৰিছে আমেৰিকাই৷ ড’নাল্ড ট্রাম্প প্রশাসনে স্পষ্ট কৰি দিছে যে এই মুহূর্তত ইজৰাইলৰ সৈতে আছে আমেৰিকা৷ অর্থাৎ গাজাত ইজৰাইলে চলাই থকা যুদ্ধৰ প্রতি আমেৰিকাৰ সমর্থন থকা বুলি স্পষ্ট কৰি দিছে ট্রাম্প প্রশাসনে৷ স্মর্তব্য যে দুমহীয়া যুদ্ধবিৰতিৰ পাছত কাটাৰত হামাছ আৰু ইজৰাইলৰ মাজত পুনৰ আলোচনা হৈছিল৷ কিন্তু ইজৰাইল আৰু আমেৰিকাই সকলো পণবন্দীক মুক্তি দিয়াৰ বাবে হামাছলৈ আগবঢ়োৱা চর্ত পেলেষ্টাইনী সশস্ত্র সংগঠনটোৱে অগ্রাহ্য কৰে৷ হামাছে যুদ্ধবিৰতি দীর্ঘস্থায়ী হ’লেহে বাকী থকা পণবন্দীসকলক মুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে৷ ইয়াৰ পাছতেই ধাৰাসাৰ বোমাবর্ষণ আৰম্ভ কৰে ইজৰাইলী সেনাই৷ এই বোমাবর্ষণৰ প্রথম দিনটোতেই চাৰি শতাধিক পেলেষ্টাইনী নিহত হয়৷