নেতাজীক ‘ৰাষ্ট্রৰ পুত্র’ ঘোষণাৰ দাবী অগ্রাহ্য
🔹 উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : নেতাজী সুভাষ চন্দ্র বসুক ‘ৰাষ্ট্রৰ পুত্র’ ঘোষণা কৰাৰ দাবী মানি নল’লে উচ্চতম ন্যায়ালয়ে৷ শীর্ষ আদালতৰ তৰফৰ পৰা এই আবেদন অগ্রাহ্য কৰি কোৱা হৈছে যে নেতাজীৰ দৰে মহান দেশনায়কৰ কোনো আইনী স্বীকৃতিৰ প্রয়োজন নাই৷ নেতাজীক যদি আইন–আদালতৰ জৰিয়তে সন্মানিত কৰিবলগীয়া হয়, তেন্তে সেয়া মহান বিপ্লৱীগৰাকীৰ কৃতিত্বক অৱজ্ঞা কৰাহে হ’ব৷ নেতাজীক ‘ৰাষ্ট্রৰ পুত্র’ আৰু তেওঁৰ জন্মদিন ‘ৰাষ্ট্রীয় দিৱস’ হিচাপে ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনস্বার্থজড়িত গোচৰ ৰুজু কৰিছিল ওড়িশাৰ কটকৰ বাসিন্দা পিনাকপাণি মোহান্তিয়ে৷ মোহান্তিৰ মতে, নেতাজীৰ আজাদ হিন্দ ফৌজৰ বাবেহে দেশ স্বাধীন হৈছিল৷ কিন্তু তেওঁক সেই কৃতিত্ব প্রদান কৰা হোৱা নাই৷ গতিকে উচ্চতম ন্যায়ালয়ে এই বিষয়টোত গুৰুত্ব প্রদান কৰিব লাগে বুলি যুক্তি দর্শাইছিল মোহান্তিয়ে৷