২৫০ কিলোমিটাৰ পথ চিনি অকলে ঘৰলৈ উভতিল প্ৰভুভক্ত
🔹 ‘মহাৰাজ’ৰ কার্যক লৈ হতবাক গাঁৱৰ সাধাৰণ জনতা
বিশেষ বাৰ্তা, ১ আগষ্ট : ধর্মপুত্র যুধিষ্ঠিৰক স্বর্গৰ পথ দেখুৱাইছিল এটা কুকুৰে! তেনেস্থলত ২৫০ কিলোমিটাৰ দূৰৈৰ মালিকৰ ঘৰৰ পথ চিনি লৈ উভতি অহাটো সাধাৰণ কথা৷ এই কাম কৰি দেখুৱালে কর্ণাটকৰ ‘মহাৰাজ’–এ৷ কুকুৰটোৱে উভতি অহাক লৈ আনন্দত আত্মহাৰা হৈ পৰিছে স্থানীয় বাসিন্দাসকল৷ উত্তৰ কর্ণাটকৰ বেলাগাভী জিলাৰ যমগর্নি গাঁৱৰ কমলেশ কুম্ভৰৰ সৈতে থাকে ‘মহাৰাজ’ নামৰ কুকুৰটো৷ গাঁওবাসীয়ে জানিবলৈ দিয়া অনুসৰি, মহাৰাজে ভজন শুনিবলৈ পছন্দ কৰে৷ মহাৰাজৰ প্রভুভক্তিৰ কথা কৈ শেষ কৰিব নোৱাৰে৷ কমলেশ হৈছে ভগৱান বিষ্ণুৰ ভক্ত৷ প্রতি বছৰে তেওঁ মহাৰাষ্ট্রৰ গন্ধৰপুৰত তীর্থযাত্ৰালৈ যায়৷ তাত অন্য তীর্থযাত্রীসকলেও ভিৰ কৰে৷ এই বছৰো কমলেশ তীর্থযাত্রালৈ গৈছিল৷ কমলেশৰ পিছে পিছে গৈছিল মহাৰাজ৷ মালিকৰ সৈতে ২৫০ কিলোমিটাৰ দূৰৈৰ গন্ধৰপুৰত খোজকাঢ়ি উপস্থিত হৈছিল মহাৰাজ৷ সংবাদ সংস্থাৰ সূত্রই সদৰী কৰা অনুসৰি কমলেশ আৰু তেওঁৰ সংগীসকলৰ সৈতে ভজন শুনি শুনি মহাৰাজে তীর্থক্ষেত্রলৈ যায়৷ কিন্তু এটা মন্দিৰ দর্শনৰ পিছত কমলেশে মহাৰাজক দেখিবলৈ নাপালে৷ বহু বিচাৰ কৰাৰ পিছতো কুকুৰটোৰ কোনো সন্ধান নাপালে কমলেশে৷ উপায় নাপাই মহাৰাজৰ অবিহনে কমলেশ ঘৰলৈ উভতিল৷ কিন্তু কমলেশে ঘৰত উপস্থিত হোৱাৰ এদিন পিছতেই আহি ওলাল মহাৰাজ৷ মহাৰাজক দেখি কমলেশ আৰু সমগ্র গাঁওবাসী অবাক হৈ পৰে৷ কেনেদৰে ২৫০ কিলোমিটাৰ পথ অকলেই চিনি লৈ মহাৰাজ ঘৰলৈ উভতিল, তাক লৈ হতবাক সকলো ৷