নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰি ৩.৮ চেঃমিঃকৈ বাঢ়িছে পৃথিৱী–চন্দ্রৰ দূৰত্ব

🔹 মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ প্রতিবেদনৰ তথ্য

বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : পৃথিৱীৰ ওচৰৰ পৰা ক্রমান্বয়ে আঁতৰি গৈছে চন্দ্র৷ পৃথিৱী আৰু মহাকাশৰ বিভিন্ন বিষয় পর্যবেক্ষণ তথা পৰীক্ষা–নিৰীক্ষা কৰি চন্দ্র এনেদৰে আঁতৰি গৈ থকা বিষয়টো ধৰা পেলাইছে৷ বিজ্ঞানীসকলৰ হিচাপ অনুসৰি বছৰি পৃথিৱীৰ সৈতে চন্দ্রৰ দূৰত্ব বৃদ্ধি পাইছে ৩.৮ চেণ্টিমিটাৰ৷ মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ পেনেলৰ জৰিয়তে এই তথ্য পৃথিৱীৰ গৱেষকসকলে জানিব পাৰিছে৷ ১৯৬৯ চনত এপ’ল’ অভিযানত যেতিয়া চন্দ্রলৈ নাছাই মহাকাশচাৰী প্রেৰণ কৰিছিল, সেই সময়তেই চন্দ্রপৃষ্ঠত প্রতিফলক পেনেল স্থাপন কৰা হৈছিল৷ এই পেনেলতেই ধৰা পৰিছে চন্দ্র লাহে লাহে পৃথিৱীৰ পৰা দূৰলৈ গৈ থকা তথ্য৷ বিজ্ঞানীসকলে অনুমান কৰি থকা অনুসৰি চন্দ্র যে লাহে লাহে পৃথিৱীৰ পৰা দূৰলৈ গৈ আছে, তাৰ নেপথ্যত আছে পৃথিৱীৰ মিলানক’ভিচ চক্র৷ পৃথিৱীত জলবায়ুৰ অস্বাভাৱিক কোনো পৰিৱর্তনৰ বাবেও এই চক্রক জগৰীয়া কৰা হয়৷ বিজ্ঞানীসকলে দীর্ঘ পর্যবেক্ষণৰ জৰিয়তে জানিবলৈ সক্ষম হৈছে যে পৃথিৱীৰ কক্ষপথ আৰু অক্ষৰ অৱস্থানত মাজে মাজে কিছু তাৰতম্য ঘটে৷ যাৰ প্রভাৱ পৰে পৃথিৱীত সূর্য ৰশ্মিৰ বিকিৰণৰ ওপৰতো৷ পৃথিৱীৰ কোন অংশত কিমান সূর্যৰ পোহৰ পৰিছে, সেই হিচাপত সামান্য বিচ্যুতি ঘটিলেও জলবায়ুৰ বৃহৎ পৰিৱর্তন সৃষ্টি হ’ব পাৰে৷ মিলানক’ভিচ চক্রৰ বাবেই এই প্রক্রিয়াৰ সৃষ্টি হয়৷ ছাহাৰা মৰুভূমিত উদ্ভিদৰ সৃষ্টি নাইবা প্রাচীন কালত পৃথিৱীৰ বুকুলৈ নামি অহা হিমযুগ–জলবায়ুজনিত বহু পৰিস্থিতিৰ নেপথ্যত আছে এই মিলানক’ভিচ চক্র৷ চন্দ্রৰ অৱস্থানকো এই চক্রই প্রভাৱিত কৰিছে বুলি দাবী কৰিছে নাছাৰ বিজ্ঞানীসকলে৷ পৃথিৱীৰ মিলানক’ভিচ চক্র প্রতি চাৰি লাখ, এক লাখ, ৪০ হাজাৰ আৰু ২১ হাজাৰ বছৰৰ মূৰে মূৰে পৰিৱর্তিত হয়৷ এই সময়ৰ ব্যৱধানৰ সৈতে চন্দ্রৰ দূৰত্বৰ প্রত্যক্ষ সম্পর্ক আছে৷ কাৰণ এই সময়ৰ ব্যৱধানত পৃথিৱীৰ কক্ষপথৰ আকাৰ সলনি হয়৷

You might also like