আকাশৰ পৰা খহি পৰিল বিমানৰ দুৱাৰ
🔹 সেৱা বাতিল কৰিলে আলাস্কা এয়াৰলাইনছে
বিশেষ বাৰ্তা, ৬ জানুৱাৰী : ১৭১গৰাকী যাত্রী আৰু ৬গৰাকী কর্মীক লৈ আলাস্কা এয়াৰলাইনছৰ বোয়িং ৭৩৯–৯ মেক্স বিমান এখন আমেৰিকাৰ প’টলেণ্ডৰ পৰা অণ্টাৰিঅ’ অভিমুখে উৰা মৰাৰ সময়তে ১৭ হাজাৰ ফুট উচ্চতাৰ পৰা বিমানখনৰ দুৱাৰ খহি পৰে ৷ ইয়াৰ লগে লগে যাত্রীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়৷ পাইলটে নিৰাপদে বিমানখন অৱতৰণ কৰায় যদিও এই ঘটনাক কেন্দ্র কৰি আমেৰিকাজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ উৰণ সংস্থাৰ গাফিলতিক লৈও প্রশ্নৰ অৱতাৰণা কৰিছে একাংশই৷ এই ঘটনাক কেন্দ্র কৰি প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পিছতে আলাস্কা এয়াৰলাইনছে যাত্রীৰ নিৰাপত্তাৰ বিষয়টোৰ ওপৰত গুৰুত্ব প্রদান কৰি সংস্থাৰ ৬৫খন বিমানৰ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে৷ এই ৬৫খন বিমানত মেৰামতি তথা পৰীক্ষা ভালদৰে হোৱাৰ পিছতহে ইয়াক পুনৰ সেৱাত লগোৱা হ’ব বুলি সংস্থাটোৰ চিইঅ’ বেন মিনিকুছিয়ে সংবাদ মাধ্যমক জনাইছে৷