শুকুৰবাৰে চেম্পিয়নছ ট্রফীক লৈ চূড়ান্ত সিদ্ধান্ত
🔹 পিচিবিক বান্ধি দিছে ৭২ ঘণ্টা সময়
নিউজ ডেস্ক, ২৮ নৱেম্বৰ : চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দর্ভত নিজৰ স্থিতিত অটল পাকিস্তান ক্রিকেট ব’ৰ্ড৷ অহা বছৰ অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াই পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাৰ পিছৰে পৰা আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদে হাইব্রিড মডেলত খেলসমূহ অনুষ্ঠিত কৰাৰ বাবে চেষ্টা চলাই আহিছে যদিও পাকিস্তান ক্রিকেট বর্ডে এই কথাত সন্মতি দিয়াৰ পৰা বিৰত আছে৷ কিন্তু চেম্পিয়নছ ট্ৰফী আৰু পাকিস্তানত ইয়াৰ আয়োজন সন্দর্ভত ৭২ ঘণ্টাৰ ভিতৰত সিদ্ধান্ত ল’ব আইচিচিয়ে৷ আইচিচিয়ে ২৯ নৱেম্বৰত চেম্পিয়নছ ট্ৰফী সন্দর্ভত পৰিষদৰ বৈঠক আহ্বান কৰিছে৷ এই বৈঠকত চেম্পিয়নছ ট্ৰফীৰ সূচী অনুমোদন জনোৱা হ’ব আৰু ইভেণ্টৰ চূডান্ত সিদ্ধান্ত গ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ সংবাদ প্রতিষ্ঠানৰ প্রতিবেদন অনুসৰি, ২৬ নৱেম্বৰত আইচিচিয়ে ঘোষণা কৰে যে ২৯ নৱেম্বৰত তেওঁলোকৰ ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব৷ য’ত চেম্পিয়নছ ট্ৰফীৰ সূচী অনুমোদন জনোৱা হ’ব৷ ভার্চুৱেলী আয়োজন কৰা এই বৈঠকত সকলো ব’ৰ্ডৰ সদস্যই অনলাইন ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে অংশগ্রহণ কৰিব৷ উল্লেখ্য যে আই চি চিয়ে আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ সৈতে জড়িত প্রতিটো বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰে৷ মন কৰিবলগীয়া যে পাকিস্তানে কেইমাহমান পূর্বে চেম্পিয়নছ ট্ৰফীৰ সম্ভাব্য সূচী প্রকাশ কৰিছিল৷ সেই সূচী অনুসৰি, চেম্পিয়নছ ট্ৰফী ১৯ ফেব্রুৱাৰীত আৰম্ভ হোৱাৰ লগতে ৯ মার্চত অন্ত পৰিব৷ লাহোৰ, ৰাৱালপিণ্ডি আৰু কৰাচীত প্রতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত কৰাৰ কথা প্রকাশ কৰিছিল পাকিস্তান ক্রিকেট বর্ডে৷ এই সূচীত পিচিবিয়ে নিৰাপত্তাৰ কথা উল্লেখ কৰি টীম ইণ্ডিয়াৰ সকলো খেল লাহোৰত অনুষ্ঠিত কৰাৰ প্রস্তাৱ দিছিল৷ বিচিচিআয়ে তথাপি টীম ইণ্ডিয়াক প্রতিযোগিতাখনৰ বাবে পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰে৷ উল্লেখ্য যে দুয়োখন দেশৰ মাজৰ বেয়া সম্পর্ক আৰু নিৰাপত্তাজনিত কাৰণত ২০০৮ চনৰ পৰা টীম ইণ্ডিয়া পাকিস্তান ভ্রমণৰ পৰা বিৰত আছে৷