নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নয়ডাত পোহনীয়া কুকুৰৰ প্রথমখন উদ্যান মুকলি

বিশেষ বাৰ্তা, ১৬ জুনঃ প্রথমবাৰৰ বাবে পোহনীয়া কুকুৰক পার্কত ফুৰোৱাৰ ব্যৱস্থা কৰা হ’ল নয়ডাত৷ কুকুৰৰ বাবে নয়ডাত গঢ়ি তোলা হৈছে এখন পার্ক৷ পোহনীয়া কুকুৰবোৰক এই পার্কত ফুৰাবলৈ আনিব পাৰিব গৰাকীয়ে৷ এই পার্কত একাধিক সেৱাৰ ব্যৱস্থাও ৰখা হৈছে পোহনীয়া কুকুৰৰ বাবে৷ পোহনীয়া কুকুৰৰ এয়াই প্রথমখন পার্ক নয়ডাত৷ নয়ডাৰ নিউ ওখলা ইণ্ডাষ্ট্রিয়েল ডেভেলপমেণ্ট অথৰিটীয়ে এই ‘ডগ পার্ক’ বা কুকুৰ উদ্যান গঢ়ি তুলিছে৷ চলিত মাহত এই উদ্যানৰ উদ্বোধনো কৰা হৈছে৷ নয়ডাৰ ছেক্টৰ–১৩৭ অঞ্চলত ৩.৮৫ একৰ ভূমিত গঢ়ি তোলা হৈছে কুকুৰৰ এই উদ্যান৷ লক্ষণীয়ভাৱে কুকুৰবোৰৰ খেলা–ধূলাৰ বাবে বিভিন্ন ব্যৱস্থা ৰখা হৈছে এই উদ্যানখনত৷ কুকুৰৰ বহু ৰং–বিৰঙী ছবিৰে ইতিমধ্যে সজাই তোলা হৈছে পার্কখন৷

You might also like