সলনি হ’ব টেষ্ট ক্রিকেটৰ ফর্মেট
🔹 আইচিচিৰে বৈঠকত মিলিত হ’ব তিনি ক্ৰিকেট ব’ৰ্ড
নিউজ ডেস্ক, ৭ জানুৱাৰী : সলনি হোৱাৰ সম্ভাৱনা আছে টেষ্ট ক্রিকেটৰ ফর্মেট৷ যদি টেষ্ট ক্রিকেটৰ ফর্মেট সলনি হয়, তেতিয়াহ’লে বাতিল হ’ব টেষ্ট বিশ্বকাপ৷ টেষ্ট ক্রিকেটৰ ফর্মেট সলনি কৰাৰ বাবে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিৰ সৈতে এক বৈঠকত মিলিত হ’ব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ লগতে ক্রিকেট অষ্ট্রেলিয়া আৰু ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ৰ্ড৷ এক সূত্রত এই কথা সদৰী৷ টেষ্ট ক্রিকেট দুটা স্তৰত বিভক্ত কৰিবলৈ ভাৰত, অষ্ট্রেলিয়া আৰু ইংলেণ্ডে আইচিচিক অনুৰোধ কৰাৰ সম্ভাৱনা আছে৷ এটা গ্রুপত ভাৰত, অষ্ট্রেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্রিকাৰ দৰে শীর্ষ দলে খেলিব৷ বাকী দলসমূহে আন এটা গ্রুপত খেলিব৷ যদি তেনেকুৱা হয়, তেন্তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ বাতিল কৰিব লাগিব৷ কাৰণ, তেনে ক্ষেত্রত প্রতিখন দেশেই একেসংখ্যক শৃংখলা খেলিব নোৱাৰিব৷ ক্রিকেটৰ ব্যৱসায়িক দিশটো মনত ৰাখিয়েই এই আবেদন কৰিব পাৰে৷ এইবাৰ ভাৰত–অষ্ট্রেলিয়া টেষ্ট শৃংখলা তাৰ প্রমাণ৷ দুয়োটা দলৰ মাজত পাঁচখন টেষ্ট হৈছে৷ মেলব’ৰ্নত অভিলেখসংখ্যক দর্শকৰ উপস্থিতি দেখা গৈছিল৷ ইয়াৰ উপৰি বহুসংখ্যক দর্শকে টেলিভিছন আৰু অ’টিটিত খেলখন চাইছিল৷ ফলত সম্প্রচাৰ চেনেলটো লাভৱান হয়৷ শীর্ষ দলবোৰে নিজৰ মাজত অধিক খেলিলে এই লাভ আৰু বৃদ্ধি পাব৷ ইয়াৰ পূর্বে ২০১৬ চনত টেষ্ট ক্রিকেট সলনি কৰাৰ প্রস্তাৱ আহিছিল৷ ৰেংকিং তালিকাৰ প্রথম সাতটা দলক এটা গ্রুপত আৰু পৰৱর্তী পাঁচটা দলক আন এটা গ্রুপত স্থান দিয়াৰ প্রস্তাৱ দিয়া হৈছিল৷ প্রমোচন আৰু ৰেলিগেচনৰো প্রস্তাৱ দিয়া হৈছিল৷ কিন্তু কার্যকৰী নহ’ল৷