ভূপালত ১৬০ বিশিষ্ট সাহিত্যিকৰ উপস্থিতিত সামৰণি চাৰিদিনীয়া ‘উন্মেষ’ৰ
🔹 এছিয়াৰ সর্ববৃহৎ আন্তঃৰাষ্ট্রীয় সাহিত্য মহোৎসৱ
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্ট : ১৬০গৰাকী সাহিত্যিকৰ উপস্থিতিত কালি সামৰণি পৰে এছিয়াৰ সর্ববৃহৎ চাৰিদিনীয়া আন্তঃৰাষ্ট্রীয় সাহিত্য মহোৎসৱ উন্মেষ–২০২৩ৰ৷ কালি ৩৩খন অধিৱেশন অনুষ্ঠিত হোৱাৰ লগতে এখন তথ্যচিত্র প্রদর্শন কৰা হয়৷ মহোৎসৱৰ অন্তিম দিনটোত অনুষ্ঠিত অধিৱেশনসমূহৰ ১০খনতকৈও অধিক অধিৱেশনৰ বিষয়বস্তু আছিল নাৰীবাদ আৰু সাহিত্য, সাহিত্যৰ মূল্য, ভাৰতীয় স্বাধীনতা আন্দোলনত গ্রন্থৰ ভূমিকা, ভাৰতৰ মহাকাব্যৰ ওপৰত আলোচনা, ভাৰতীয় ভাষাৰ অনুবাদৰ প্রত্যাহ্বান, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, মই কিয় লিখো, ভাৰতীয় ভাষাত প্রকাশন, ভাৰতৰ নমনীয় শক্তি আৰু ঐক্য আৰু বৈচিত্র্যৰ ওপৰত আলোচনা৷ বিভিন্ন আলোচনা সত্রসমূহত কেইবাগৰাকীও প্রসিদ্ধ সমালোচক, সাহিত্যিক, চিন্তাবিদ আৰু পণ্ডিতে অধ্যক্ষতা কৰে৷ তেওঁলোক হৈছে ক্রমে নমিতা গোখলে, হোছাং মার্চেণ্ট, এছ এল ভয়ৰপ্পা, বিশ্বাস পাটিল, চিত্তৰঞ্জন মিশ্র, হৰেকৃষ্ণ সতাপথী, বিনয় সহস্রবুদ্ধে, কুমুদ শর্মা, আলোক ভাল্লা, শ্রীধৰ বালান আৰু পি ভি কট্টিমণি৷ আন আন অধিৱেশনসমূহত মহাদেৱ তপ্পো, মদন মোহন ছোৰেন, ৰমেশ আর্য, বসন্ত নির্গুণে, সুৰজিৎ পাটৰ, কে শিৱ ৰেড্ডী, গৌৰাহাৰি দাস, প্রয়াগ শুক্লা, ভূপিন্দৰ আজিজ পৰিহাৰ, বর্ষ আদলজা, মহুৱা মাজী, নাৱাং চেৰিং শ্বাক্সপোকে ধৰি কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকে অংশগ্রহণ কৰে৷ কুৰুখ, বঞ্জৰা, গোণ্ডী, হো, খাছি, কোকবৰোক, কুহ, নিশি, সান্তালী, ভিলি, ছত্তিশগডী, জয়ন্তীয়া, পর্ধি, আন্ধ, ভূমিজ, হালাম, লাম্বানী, মগ আৰু আন কেইবাটাও জনজাতীয় ভাষাৰ লেখকসকলে নিজৰ হূদয়ৰ অনুভৱ প্রকাশ কৰে৷ অধ্যক্ষ হিচাপে ভাষণ প্রদান কৰি নমিতা গোখলেই কয় যে এগৰাকী প্রকৃত নাৰীবাদীয়ে সদায় সকলো লিংগৰ মানুহক সমানে ব্যৱহাৰ কৰে৷ ভাৰতীয় সাহিত্যলৈ অতীতৰ মহিলা লেখিকাসকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰে৷
চি মৃণালিনীয়ে নাৰীৰ মানৱীয় বৈশিষ্ট্যক আগস্থানত ৰাখিছিল৷ কাৰণ তেওঁৰ মতামত আছিল যে প্রথমে মানৱীয় পৰিচয় গণনা কৰা উচিত আৰু তাৰ পাছত নাৰী পৰিচয় আহে৷ লীনা চান্দোৰকাৰে মহিলাসকলে কঠিনতাৰ সন্মুখীন হোৱাৰ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ বর্তমানলৈকে মহিলাসকলে সন্মুখীন হোৱা নির্যাতনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল প্রীতি শ্বেনয়ে৷ সোণৰা ঝাহ ঘৰতে শিষ্টাচাৰ শিকোৱাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ তেওঁৰ মতে ইয়াৰ জৰিয়তে পুৰুষ শ্রেণীটোক মহিলাৰ সৈতে কিদৰে আচাৰ–ব্যৱহাৰ কৰা উচিত সেই বিষয়ে আৰম্ভণিৰে পৰা শিকাব পৰা যায়৷ ‘ভাৰতীয় স্বাধীনতা আন্দোলনত গ্রন্থৰ ভূমিকা’ শীর্ষক এই অধিৱেশনত সাতগৰাকী বিশিষ্ট বক্তাই অংশগ্রহণ কৰে৷ তেওঁলোক সাহিত্য অকাডেমিৰ উপাধ্যক্ষ কুমুদ শর্মাৰ সৈতে এই অধিৱেশনত উপস্থিত থাকে আব্দুছ ছামাদ, অশোক কুমাৰ ঝা ‘অবিচল’, মনোজ শ্রীবাস্তৱ, নন্দিতেশ নিলয়, প্রসেন বেলামকোণ্ডা, ৰামদেও শুক্লা আৰু শচীন কেতকাৰ৷ এই অধিৱেশনত অধ্যক্ষতা কৰি কুমুদ শর্মাই কয় যে নির্ভৰশীলতাৰ অৱশিষ্টৰ পৰা পৰিত্রাণ পাবলৈ সাংস্কৃতিক চেতনা, সজাগ কৰি ৰখাটো প্রয়োজনীয়। তেওঁ স্বাধীনতা আন্দোলনৰ সময়ত জনসাধাৰণৰ মাজত ৰাষ্ট্রবাদ জগাই তুলিবলৈ সক্ষম হোৱা গ্রন্থসমূহৰ সবিশেষ উল্লেখ কৰে৷ অশোক কুমাৰ ঝা ‘অবিচল’–এ ভাৰতীয় স্বাধীনতা আন্দোলনত বেংগল গেজেটৰ দৰে আলোচনী আৰু গীতাৰ দৰে গ্রন্থৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে৷ মনোজ শ্রীবাস্তৱে স্বাধীনতা সংগ্রামীসকলক গীতা আৰু তেনেধৰণৰ অন্যান্য গ্রন্থই কিদৰে উৎসাহ প্রদান কৰিছিল সেই বিষয়ে বক্তব্য প্রদান কৰে৷ প্রসেন বেলামকোণ্ডাই স্বাধীনতা সংগ্রামীসকলক অনুপ্রাণিত কৰা কবিতাৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালকৈ সেই সময়ত গ্রন্থ নিষিদ্ধ কৰাৰ সংস্কৃতিৰ ওপৰত গুৰত্ব আৰোপ কৰে৷ ইপিনে, শচীন কেতকাৰে এই প্রসংগত ছপাশালসমূহৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ইয়াৰ বাবে জাতীয়তাবাদী লেখাসমূহৰ প্রচলন বৃদ্ধি পাইছিল বুলি মন্তব্য কৰে৷