প্রতি কিলোত ২৫ টকাকৈ চৰকাৰে বিক্রী কৰিব পিঁয়াজ
বিশেষ বাৰ্তা, ২১ আগষ্ট : দেশত পিঁয়াজৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত চৰকাৰে পিঁয়াজ তিনি লাখ মেট্রিক টনৰ পৰা পাঁচ লাখ মেট্রিক টনলৈ ক্রয় কৰাৰ সিদ্ধান্ত লৈছে চলিত বর্ষত ৷ ইতিমধ্যে উপভোক্তা পৰিক্রমা বিভাগে এন চি চি এফ আৰু এন এ এফ ই ডিক এই সন্দর্ভত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ উল্লেখনীয় যে আজিৰ পৰা প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত পিঁয়াজ ২৫ টকা প্রতি কিলোত বিক্রীৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ ৰাজসাহায্যযুক্ত পিঁয়াজ আজিৰ পৰা প্রতিখন চহৰৰ বজাৰত চৰকাৰে ২৫ টকা প্রতি কিলোত বিক্রী কৰিব বুলি ঘোষণা কৰিছে৷