বিষাক্ত ধূলিৰ ধুমুহাত ধূসৰ বেইজিঙৰ আকাশ; বিমান সেৱা বাতিল
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ ধূলিৰ ধুমুহাই উশাহ ল’ব নোৱৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে চীনৰ ৰাজধানী বেইজিঙত৷ বিগত এটা দশক পিছত এই ভয়াৱহ ধূলিৰ ধুমুহাৰ সৃষ্টি হৈছে বেইজিঙত৷ দেশখনৰ বতৰ বিজ্ঞান বিভাগে এটা দশকৰ পিছত এই ধুমুহাক আটাইতকৈ ভয়াৱহ আখ্যা দিছে৷
স্মর্তব্য যে বিশ্বৰ ভিতৰতে অধিক বায়ু প্রদূষিত মহানগৰবোৰৰ ভিতৰত অন্যতম হৈছে বেইজিং৷ অভাৱনীয় প্রদূষণৰ ফলতেই আজিৰ ধুমুহাই ধূসৰ কৰিছে বেইজিঙৰ আকাশ৷ অকল বেইজিঙেই নহয়, দেশখনৰ কেইবাখনো জিলাত প্রদূষণৰ মাত্রা ১৬০ গুণতকৈ অধিক বৃদ্ধি পোৱা বুলি সদৰী কৰিছে বতৰ বিজ্ঞান বিভাগে৷ এই ধূলিৰ ধুমুহাৰ বাবেই আজি কেইবাশও বিমানৰ যাত্রা বাতিল কৰা হৈছে৷