দ্বিতীয় বিশ্বযুদ্ধতকৈও বৃহৎ সামৰিক শিবিৰ স্থাপন পেৰিছত
🔹 দ্য গ্রেটেষ্ট শ্ব’ অন আর্থ- অলিম্পিকলৈ মাজত মাথোঁ দুটা দিন বাকী
বিশেষ বাৰ্তা, ২৪ জুলাই : ‘পৃথিৱীৰ আটাহতকৈ নিৰাপদ স্থান হৈছে ফ্রান্সৰ ৰাজধানী৷’ এবছৰৰ পূর্বে পেৰিছ অলিম্পিকৰ আয়োজক সমিতিৰ মুৰব্বী ট’নী এষ্টাংগুইনে এইদৰে কৈছিল৷ এতিয়া প্রমাণ কৰাৰ সময়৷ ২৬ জুলাইত শ্বেন নদীত পেৰিছ অলিম্পিকৰ বর্ণাঢ্য উদ্বোধনী অনুষ্ঠান৷ ২০৬খন দেশৰ খেলুৱৈয়ে ১৬০খন নাৱেৰে পেৰেড কৰিব৷ প্রায় ৩ লাখ দর্শনার্থী আহিব নদীৰ দুয়োপাৰে৷ স্বাভাৱিকতে সমগ্র পেৰিছ চহৰখন নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে৷ শ্বেন নদীৰ দুয়োকাষে ফেন্সিং নির্মাণ কৰা হৈছে৷ উদ্বোধনী অনুষ্ঠানৰ দিনা ৰাজধানীৰ প্রায় ১৫০ কিলোমিটাৰ এলেকা ন’–ফ্লাইং জ’ন হিচাপে সামৰি ল’ব৷ ইয়াৰ উপৰি বিভিন্ন অঞ্চলত ৪৫ হাজাৰ আৰক্ষী জোৱান নিয়োগ কৰা হ’ব৷ ৰাফেল যুঁজাৰু বিমান, ৱাকছ চোৰাংচোৱা বিমান, ৰিপাৰ ড্রোন আৰু চোকা শ্বুটাৰ কঢ়িয়াই অনা হেলিকপ্টাৰেৰে চোৰাংচোৱাগিৰি কৰিব৷ ইয়াৰ লগতে চাইবাৰ আক্রমণৰ সৈতে মোকাবিলা কৰিবলৈ কৃত্রিম বুদ্ধিমত্তা (এআই)ও আছে৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক সংস্থাৰ সভাপতি থমাছ বাচে কয়– ‘বিশ্বৰ আটাহতকৈ ডাঙৰ ক্রীড়া মঞ্চত নিৰাপত্তাৰ লগত কেতিয়াও আপোচ কৰা হোৱা নাই৷’ পেৰিছো ইয়াৰ ব্যতিক্রম নহয়৷ মোৰ বিশ্বাস এআইৰ ব্যৱহাৰে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিব৷ প্রায় এশ বছৰৰ মূৰত পেৰিছত অনুষ্ঠিত হ’ব অলিম্পিক৷ দ্য গ্রেটেষ্ট শ্ব’ অন আর্থৰ আশে–পাশেও মানুহৰ আগ্রহ শিখৰত উপনীত হৈছে৷ অৱশ্যে নিৰাপত্তাৰ চিন্তাই উদ্বিগ্ণ কৰি ৰাখিছে৷ কাৰণ, বিগত সময়ত এই চহৰখন কেইবাবাৰো বন্দুকধাৰী আৰু আত্মঘাতী বোমাৰুৰ আক্রমণত ৰক্তাক্ত হৈ পৰিছে৷ অৱশ্যে দেশৰ জনসাধাৰণ আৰু অলিম্পিকলৈ অহা প্রতিনিধি আৰু দর্শনার্থীক আশ্বাস দি আয়োজক সমিতিৰ মুৰব্বী ট’নী এষ্টাংগুইনে কয়– ‘মই আগতেও কৈছোঁ, পেৰিছত নিৰাপত্তাক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই৷ শংকা নোহোৱাকৈ মেগা ইভেণ্টখন উপভোগ কৰক৷ ইতিমধ্যে বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা বহু দর্শক ফ্রান্সত উপস্থিত হৈছে৷ অহা কেইদিনমানৰ ভিতৰত এই সংখ্যা বহুগুণে বৃদ্ধি পাব৷’ ফ্রান্সৰ নিজা নিৰাপত্তা ব্যৱস্থাৰ লগতে ৪০খন দেশৰ পৰা প্রায় ১,৯০০ আৰক্ষীয়ে গেমছৰ বাবে পেৰিছলৈ আহিছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছতো ইমান বৃহৎ সামৰিক শিবিৰ কেতিয়াও ৰাজধানীত স্থাপন হোৱা নাই৷ এনে নিৰাপত্তা ব্যৱস্থাৰ বাবে চিন্তিত হৈ পৰিছে স্থানীয় বহু লোক৷ এআইৰ ব্যৱহাৰৰ লগে লগে মহানগৰবাসীৰ ব্যক্তিগত স্বাধীনতা নোহোৱা হৈ যাব বুলি তেওঁলোকৰ আশংকা৷ সাধাৰণ মানুহেও এই সন্দর্ভত ক্ষোভ প্রকাশ কৰিছে৷