কইনাৰ ঘৰত বিমানৰ পৰা পেলালে কোটি কোটি টকা
🔹 দাৰিদ্ৰ্যপীড়িত পাকিস্তানত দৰাৰ পিতৃৰ আজব কাণ্ড
🔹 বোৱাৰীয়েকৰ বাবে কৰিলে বিমান ভাৰা
নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : পুত্রৰ বিয়া ধুমধামেৰে আয়োজন কৰিছিল পিতৃয়ে৷ অকল সেয়াই নহয়, পুত্রৰ বিয়া স্মৰণীয় কৰি ৰাখিবলৈ এনে কিছু কাম পিতৃয়ে কৰিব বিচাৰিলে, যিবোৰক লৈ সমগ্র চহৰ তথা দেশজুৰি প্রচাৰ চলিল৷ পুত্রৰ বিয়াৰ বাবে এখন বিমান ভাৰা কৰিলে পিতৃয়ে৷ কইনাৰ ঘৰলৈ পুত্রক পঠিয়াবলৈ নহয়, কইনাৰ ঘৰত আকাশৰ পৰা ধন ছটিয়াবলৈহে এই বিমান ভাৰা কৰিলে পিতৃয়ে৷ আর্থিক সংকটত ডুবি থকা পাকিস্তানত এনে বিলাসী বিবাহ উৎসৱ দেখিবলৈ পোৱা গ’ল৷ পাক সংবাদ মাধ্যমে দাবী কৰা অনুসৰি, দেশখনৰ সিন্ধ প্রদেশৰ হায়দৰাবাদ চহৰত এনে বিয়াৰ আয়োজন কৰিছিল এগৰাকী ব্যক্তিয়ে৷ বিয়াৰ দিনাখন দৰাৰ পিতৃয়ে এখন বিমান ভাৰা কৰি লৈ আহে৷ সেই সময়ত উপস্থিত অতিথি তথা নিকটাত্মীয়সকলে বুজিব পৰা নাছিল এই বিমান ভাৰাৰ উদ্দেশ্য কি৷ বিমানত কোটি কোটি টকা লৈ কইনাপক্ষৰ ঘৰলৈ বুলি যাত্রা কৰে দৰাৰ পিতৃয়ে৷ কইনাৰ ঘৰৰ ওপৰেৰে এই বিমানখনেৰে কেইবাবাৰো অহা–যোৱা কৰি ওপৰৰ পৰা কোটি কোটি টকা তললৈ ছটিয়াই দিয়ে দৰাৰ পিতৃয়ে৷ লগে লগে আকাশৰ পৰা সৰি পৰা এই ধন ল’বলৈ তলত হেতা–ওপৰা লাগে উপস্থিত লোকসকলৰ মাজত৷ ইতিমধ্যে সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ পাকিস্তানৰ দৰে আর্থিক সংকটত ডুবি থকা দেশ এখনত এনে বিয়াক লৈ সৃষ্টি হৈছে সৰৱ চর্চা৷