নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২জনক গুলীয়াই হত্যা কৰি পলাতক বন্দুকধাৰী

🔹 আমেৰিকাৰ মেইনত বন্দুকধাৰীৰ সন্ত্রাস

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ মেইনৰ বাৰ আৰু সন্ধিয়াৰ জিৰণিস্থলত জধে-মধে গুলীয়াই সন্ত্রাস সৃষ্টি কৰিছে এজন বন্দুকধাৰীয়ে৷ মেইনৰ লিৱিষ্টন চহৰত ছেমেনজিছ বাৰ আৰু সন্ধিয়া জিৰণিস্থলত জধে-মধে গুলীয়াই ২২জন লোকক হত্যা কৰাৰ লগতে আন কেইবাজনক গুলীবিদ্ধ কৰি বন্দুকধাৰীজনে পলায়ন কৰাৰ পাছতে মেইনৰ আৰক্ষীয়ে চহৰখনত জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ আক্রমণকাৰী বন্দুকধাৰী ব্যক্তিজনক ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ অভিযান চলোৱাৰ লগতে লিৱিষ্টন চহৰত বন্দুকধাৰী সক্রিয় হৈ থাকিব পাৰে বুলি সন্দেহ প্রকাশ কৰি বাসিন্দাসকলক বাসগৃহতে সোমাই থাকিবলৈ নির্দেশ দিছে৷ মেইনৰ আৰক্ষী বিভাগে ছ’চিয়েল মিডিয়া এক্সযোগে লিৱিষ্টনৰ বাসিন্দাক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ নির্দেশ দিয়াৰ লগতে পলাতক বন্দুকধাৰীক বিচাৰি অভিযান তীব্রতৰ কৰি তুলিছে৷ বাৰ আৰু জিৰণিস্থলত জধে-মধে গুলীচালনা কৰি পলায়ন কৰা ব্যক্তিজনক আৰক্ষীয়ে অৱসৰপ্রাপ্ত সেনা জোৱান ৰবার্ট কার্ড বুলি চিনাক্ত কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ৰবার্ট কার্ডক গার্হস্থ্য হিংসাত জড়িত থকাৰ বাবে কাৰাগাৰত বন্দী কৰি ৰখাৰ পাছত মানসিক স্বাস্থ্য চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসালয়ৰ পৰা মুকলি হৈ অহাৰ পাছতে স্বয়ংক্রিয় শক্তিশালী অস্ত্রৰে লিৱিষ্টন চহৰত বাৰ আৰু জিৰণিস্থলত আক্রমণ চলায়৷ কার্ডৰ হাতত শক্তিশালী আৰু ভয়াৱহ অস্ত্র থাকিব পাৰে বুলিও আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ ৪০ বছৰীয়া কার্ডে বাৰ আৰু জিৰণিস্থলত আক্রমণ কৰাৰ পূর্বে মেইনৰ চাকোস্থিত সামৰিক প্রশিক্ষণ শিবিৰত আক্রমণৰো ভাবুকি দিছিল৷ জধে-মধে গুলী চলাই ঘটনাস্থলীৰ পৰা কার্ডে বগা ছুবাৰু এখন চলাই আঁতৰি যোৱা আলোকচিত্রও আৰক্ষীয়ে প্রচাৰ কৰিছে৷ ঘটনাস্থলীৰ পৰা ১১ কিলোমিটাৰ নিলগলৈ পলাই যোৱা কার্ডক কৰায়ত্ত কৰাৰ বাবে শতাধিক আৰক্ষীয়ে অভিযান চলাই আছে৷ এই আক্রমণৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে বিষয়টো গুৰুত্ব সহকাৰে লৈ প্রদেশখনৰ প্রশাসনক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ প্রাক্তন সেনা জোৱান কার্ডে কিয় এই ঘটনাটো সংঘটিত কৰিলে, সেই সন্দর্ভত আৰক্ষীয়ে একো তথ্য প্রকাশ কৰিবলৈ সক্ষম হোৱা নাই৷ কার্ডক কৰায়ত্ত কৰাৰ পাছতহে এই গুলীচালনাৰ কাৰণ পোহৰলৈ আহিব৷

You might also like