নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা প্ৰথমবাৰৰ বাবে কাৰ্গিল এয়াৰষ্ট্ৰীপত অৱতৰণ হাৰকিউলিছ বিমান

🔹 ভাৰতীয় বায়ুসেনাৰ কৃতিত্ব

বিশেষ বাৰ্তা, ৭ জানুৱাৰী : কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখৰ কাৰ্গিলত বৰ্তমান তীব্ৰ শীত। ভাৰতৰ নিৰাপত্তাৰ বাবে এই অঞ্চলটো অতি গুৰুত্বপূৰ্ণ। এই কাৰণেই ভাৰতীয় বায়ুসেনা আৰু সেনা বাহিনীয়ে ইয়াত উপস্থিতি বৃদ্ধি কৰি থাকে। শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাই ইয়াত এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে কাৰ্গিল এয়াৰষ্ট্ৰীপত নিশাৰ আন্ধাৰত বায়ুসেনাই চি-১৩০ জে ছুপাৰ হাৰকিউলিছ বিমান অৱতৰণ কৰায়। ভাৰতীয় বায়ুসেনাই টুইট কৰি কয়- ‘প্ৰথমবাৰৰ বাবে বায়ুসেনাৰ চি-১৩০ জে বিমান নিশা কাৰ্গিল এয়াৰষ্ট্ৰীপত অৱতৰণ কৰোৱা হৈছে। এই অনুশীলনৰ সময়ত গৰুড কমাণ্ডোক টেৰেইন মাস্কিং কামৰ বাবেও নিয়োগ কৰা হৈছিল। টেৰেইন মাস্কিং হৈছে সেনাৰ এক সামৰিক কৌশল, যাৰ সহায়ত পাহাৰ-অৰণ্যৰ দৰে প্ৰাকৃতিক বস্তুৰ দ্বাৰা শত্ৰুৰ ৰাডাৰৰ পৰা লুকুৱাই ৰখা হয়। ইয়াৰ উদ্দেশ্য হৈছে শত্ৰুৰ ৰাডাৰৰ পৰা আত্মগোপন কৰি নিজৰ অভিযান চলোৱা। কাৰ্গিল চাৰিওফালৰ পৰা পাহাৰেৰে আগুৰি আছে। এনে পৰিস্থিতিত ইয়াত অৱতৰণ কৰোৱাটো যথেষ্ট প্ৰত্যাহ্বানজনক। শীতকালত বৰফ পৰিলে অৱতৰণ কৰোৱাটো অধিক কঠিন হৈ পৰে। তদুপৰি নিশা বৰফ পৰাৰ সময়ত বিমানখন এয়াৰষ্ট্ৰীপত অৱতৰণ কৰোৱাটো অতি কঠিন। অৱতৰণৰ সময়ত বিমানে কেৱল ৰাতিৰ আন্ধাৰত পাহাৰৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাই নহয়, অৱতৰণৰ বাবে কেৱল নেভিগেচনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। চি-১৩০ জে ছুপাৰ হাৰকিউলিছ বিমানত ১৯ টন লাগেজ ভৰাই এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি। এই বিমানখনে এঘণ্টাত ৬৪৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে।

You might also like