নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতিথিৰে পত্নীক শাৰীৰিক সম্পর্কৰ বাবে উৎসাহিত কৰে স্বামীয়ে !

🔹 অৰণ্য অঞ্চলত বাস কৰা ‘হিম্বা’ জনজাতিৰ অদ্ভুত পৰম্পৰা

নিউজ ডেস্ক, ২০ জানুৱাৰী : গভীৰ ৰহস্যৰে ভৰা আফ্রিকা মহাদেশ! এই মহাদেশখনত আছে অসংখ্য সৰু সৰু দেশ আৰু আদিম জনগোষ্ঠী৷ এই জনগোষ্ঠীসমূহৰ সংস্কৃতিৰ সৈতে এছিয়া তথা পাশ্চাত্যৰ সংস্কৃতিৰ আকাশ–পাতাল পার্থক্য আছে৷ আধুনিক সমাজত তেওঁলোকৰ ৰীতি–নীতি আৰু নৈতিক দৃষ্টিভংগী অস্বাভাৱিক বুলি গণ্য কৰা হয়৷ কিন্তু আধুনিক সমাজত যিবোৰক ‘অশ্লীল’ পৰম্পৰা বুলি অভিহিত কৰা হয়, সেইবোৰ পৰম্পৰা স্বাভাৱিক তথা সামাজিকভাৱে স্বীকৃত এই জনগোষ্ঠীসমূহৰ মাজত৷ তেনে এক আদিম জনগোষ্ঠী হৈছে ‘হিম্বা’৷ এই হিম্বা জনজাতিৰ বাসস্থান হৈছে নামিবিয়াৰ অৰণ্য অঞ্চল৷ লক্ষণীয়ভাৱে এই জনজাতিৰ লোকসকল অতিথিপৰায়ণ৷ কিন্তু অতিথিক আতিথ্যৰ বাবে নিজৰ পত্নীক অর্পণ কৰাৰ পৰম্পৰা আছে হিম্বা জনজাতিৰ মাজত৷ ‘ওকুজেপিছা ওমুকাজেন্দু’, অর্থাৎ অতিথিৰ ওচৰত পত্নীক অর্পণ৷ অতিথিক সন্তুষ্ট কৰিবলৈ নিজৰ পত্নীক অতিথিৰ সৈতে যৌন মিলনৰ বাবে উৎসাহিত কৰে পুৰুষসকলে৷ যুগৰ পিছত যুগ ধৰি এই প্রথা চলি আহিছে হিম্বাসকলৰ মাজত৷ যৌনতাক লৈ কোনোধৰণৰ নিষেধাজ্ঞা নাই হিম্বাসকলৰ মাজত৷ স্বামীৰ সন্মতিত এই জনজাতিৰ বিবাহিত মহিলাসকলে পর্যটক বা অতিথিসকলৰ সৈতে যৌন সম্পর্কত লিপ্ত হয়৷ লক্ষণীয়ভাৱে অতিথিক এইদৰে সন্তুষ্ট কৰিব পৰাটো হিম্বা পুৰুষসকলৰ বাবে গর্বৰ বিষয় হিচাপে চিহ্ণিত হৈ আহিছে৷ ইফালে, পত্নীয়ে পৰকীয়া প্রেমত লিপ্ত হ’লেও স্বামীৰ মনত কেতিয়াও ঈর্ষাৰ ভাব সৃষ্টি নহয়৷ হিম্বা পুৰুষসকল সম্পূর্ণৰূপে এইক্ষেত্রত মুক্ত মনৰ৷ প্রজন্মৰ পিছত প্রজন্ম ধৰি এই পৰম্পৰা চলি আহিছে নামিবিয়াৰ হিম্বা জনজাতিৰ মাজত৷ ইয়াৰ উপৰি বহুবিবাহৰ বাবে স্বামীক উৎসাহিত কৰে পত্নীয়ে৷ স্বামীয়ে পত্নী থকাৰ পিছত অন্য মহিলাক পত্নী হিচাপে গ্রহণ কৰিলে সেই মহিলাগৰাকীক আদৰি আনিব লাগে প্রথম পত্নীগৰাকীয়ে৷ শেহতীয়াকৈ ৫০,০০০ জনসংখ্যাৰ হিম্বাৰ এনে অদ্ভুত পৰম্পৰাৰ তথ্যই আন্তর্জাতিক সংবাদ মাধ্যমত আলোড়ন তুলিছে৷

You might also like