‘ইটা’ৰ পাছতে এইবাৰ ধুমুহা ‘লোটা’ৰ তাণ্ডৱ নিকাৰাগুৱাত
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ মাত্র দুটা সপ্তাহৰ পিছতে পুনৰ বিধ্বংসী সামুদ্রিক ধুমুহাই তাণ্ডৱ চলাইছে লেটিন আমেৰিকান ৰাষ্ট্র নিকাৰাগুৱাত৷ আমেৰিকান নেচনেল হাৰিকেন চেণ্টাৰৰ তৰফৰ পৰা সতর্কবাণী কৰা হৈছে যে এই ধুমুহাই নিকাৰাগুৱাকে ধৰি কেইবাখনো দেশত ঘণ্টাত ২৬০ কিলোমিটাৰ পর্যন্ত বেগত ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে৷
লক্ষণীয়ভাৱে নেচনেল হাৰিকেন চেণ্টাৰে এই ধুমুহা অতি বিপজ্জনক হিচাপে চিহ্ণিত হ’ব পাৰে বুলি সদৰী কৰিছে৷ ধুমুহাৰ লগে লগে নিকাৰাগুৱা আৰু হণ্ডুৰাছত মুষলধাৰ বৃষ্টিপাতৰ সৃষ্টি হৈছে৷ হণ্ডুৰাছৰ ৰাষ্ট্রপতি জুৱান অ’লাণ্ডো হার্নাণ্ডেজে এক সংবাদ মেলযোগে ঘোষণা কৰিছে যে বিধ্বংসী বোমাৰ দৰে উপকূলীয় অঞ্চলত ধুমুহাই ধ্বংসলীলা সাধন কৰিব পাৰে৷
শেহতীয়া এই সামুদ্রিক ধুমুহাৰ নাম হৈছে ‘লোটা’৷ ইয়াৰ দুসপ্তাহ পূর্বে সামুদ্রিক ধুমুহা ‘ইটা’ই নিকাৰাগুৱাকে ধৰি কেইবাখনো দেশক কোবাইছিল৷ স্মর্তব্য যে ১৯৩২ চনৰ পিছত নৱেম্বৰ মাহত আটলাণ্টিকত কেইবাটাও সামুদ্রিক ধুমুহাৰ উৎপত্তি ঘটিছে৷