নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকালৈ সতর্কবাণী নাটোৰ সচিবপ্রধানৰ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আফগানিস্তানৰ পৰা দেশখনৰ গৰিষ্ঠসংখ্যক সৈনিকক গৃহভূমিলৈ ওভতাই নিব বুলি ঘোষণা কৰাৰ পিছতে নাটো বাহিনীৰ সচিবপ্রধান জেনছ ষ্ট’লটেন বার্গে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷

নাটোৰ সচিবপ্রধানগৰাকীয় উল্লেখ কৰিছে যে আফগানিস্তানৰ পৰা আগতীয়াকৈ মার্কিন বাহিনীৰ প্রত্যাৱর্তনৰ ফলত সামৰিক সংস্থাসমূহ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ সামৰিক সংস্থাসমূহে ট্রাম্প প্রশাসনৰ এই সিদ্ধান্তৰ মূল্য ভৰিব লাগিব বুলি সতর্কবাণী কৰিছে ষ্ট’লটেন বার্গে৷

মার্কিন ৰাষ্ট্রপতি হিচাপে কি কি সুবিধা পাব জ’ বাইডেনে, জানেনে?

নাটোৰ সচিবপ্রধানগৰাকীয়্ উল্লেখ কৰিছে যে আফগানিস্তানত ২০ বছৰ ধৰি নাটো বাহিনীৰ সৈনিক ৰখা হৈছে৷ কোনেও প্রয়োজনতকৈ বেছি দিন আফগানিস্তানত থাকিব নিবিচাৰে৷ কিন্তু কোনোধৰণৰ সমন্বয় ৰক্ষা নকৰাকৈ আমেৰিকাই আফগানিস্তানৰ পৰা নিজ বাহিনীক গৃহভূমিলৈ ওভতাই নিলে পৰিস্থিতি অধিক জটিল হৈ পৰিব৷ গতিকে হোৱাইট হাউছ প্রশাসনে এই বিষয়টো সন্দর্ভত পুনৰ চিন্তা কৰা উচিত বুলিও মন্তব্য কৰিছে ষ্ট’লটেনবার্গে৷

You might also like