নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফী আয়োজনৰ বাবে পাকিস্তানক ১,২৮০ কোটি টকা আইচিচিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জুলাইঃ পাকিস্তানত অহা বর্ষত অনুষ্ঠিত হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী৷ উক্ত প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে পাকিস্তানক বৃহৎ পৰিমাণৰ ধন আগবঢ়াব আইচিচিয়ে৷ অৱশ্যে ভাৰতে উক্ত প্রতিযোগিতাখনত খেলিবলৈ পাকিস্তান ভ্রমণ কৰিবনে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ আবণ্টিত ধনৰ পৰিমাণে পাকিস্তান ক্রিকেটৰ বহুখিনি উন্নতি সাধন কৰিব৷ এক সূত্র মতে, চেম্পিয়নছ ট্রফী আয়োজনৰ বাবে আইচিচিয়ে পাকিস্তান ক্রিকেট ব’ৰ্ডক ১,২৮০ কোটি টকা দিছে৷ পাকিস্তান ব’ৰ্ডৰ মুখ্য বিত্ত বিষয়া জাভেদ মুর্তাজা আৰু আইচিচিৰ মুখ্য বিত্ত বিষয়া অংকুৰ খান্নাই যৌথভাৱে এই ধনৰ পৰিমাণ নির্ণয় কৰে৷ এই ধন চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’বলগীয়া তিনিটা স্থান কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ব্যয় কৰা হ’ব৷ শুনা গৈছে যে যোৱা বছৰৰ এছিয়া কাপৰ দৰে চেম্পিয়নছ ট্রফীও ‘হাইব্রিড মডেল’ত অনুষ্ঠিত হ’ব পাৰে৷ অৱশ্যে সেই সিদ্ধান্তৰ পক্ষপাতী নহয় পিচিবি৷

You might also like