নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত টি-২০ বিশ্বকাপ আয়োজনেৰে বৃহৎ লোকচান আইচিচিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুলাইঃ সদ্য সমাপ্ত টি–২০ বিশ্বকাপৰ অন্যতম আয়োজক দেশ আছিল আমেৰিকা৷ ভাৰত, পাকিস্তানকে ধৰি কেইবাখনো দেশে আমেৰিকাত লীগ মেচ খেলিছে৷ বিশ্বকাপৰ সফল সামৰণি হ’লেও বাজেটতকৈ অধিক বেছি খৰচ হৈছিল৷ আমেৰিকাত বিশ্বকাপৰ মেচ আয়োজন কৰি বৃহৎ ক্ষতিৰ সন্মুখীন হ’ল আইচিচি৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদৰ বিষয়াসকলে বিশ্বকাপৰ আমেৰিকাত অনুষ্ঠিত মেচত কিয় অধিক খৰচ হৈছিল তাৰ তদন্ত কৰিব৷ ১৯ জুলাইত শ্রীলংকাৰ ৰাজধানী কলম্বোত অনুষ্ঠিত হ’ব আইচিচি গভর্নিং কাউন্সিলৰ বার্ষিক বৈঠক৷ উক্ত বৈঠকত অতিৰিক্ত খৰচৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ বিশ্বকাপৰ আয়–ব্যয়ৰ চূডান্ত হিচাপ এতিয়াও হোৱা নাহ৷ আইচিচিলৈ অহা প্রাৰম্ভিক একাউণ্টত দেখা গৈছে যে কেৱল খৰচ বৃদ্ধি৷ লাভৰ সলনি লোকচান হৈছে আইচিচিৰ৷ বিশ্বাস কৰা হয় যে বিশ্বকাপৰ আমেৰিকাত অনুষ্ঠিত গ্রুপ পর্যায়ৰ মেচত আইচিচিৰ লোকচান লাখ লাখ টকা৷ বিশ্বকাপৰ আয়োজন সন্দর্ভত কেইবাটাও অভিযোগ উত্থাপন হোৱাৰ পিছতে প্রতিযোগিতাৰ পৰিচালক ক্রিছ টেটলীয়ে পদত্যাগ কৰিছে৷ ইংলেণ্ডৰ ক্রিকেটৰ মুৰব্বীগৰাকীয়ে অৱশ্যে প্রতিযোগিতা আৰম্ভ হোৱাৰ পূর্বে বিশ্বকাপৰ আমেৰিকাত অনুষ্ঠিত লীগ পর্যায়ৰ মেচত আর্থিক লোকচানৰ আশংকা প্রকাশ কৰিছিল৷ আইচিচিৰ এজন বিষয়াই কয় যে টেটলীৰ কার্যকলাপত ব’ৰ্ডৰ বহু সদস্য সুখী নহয়৷ টেটলীয়ে পদত্যাগ কৰিলেও তেওঁ বিশ্বকাপৰ আমেৰিকান পর্যায়ৰ পৰাজয়ৰ দায়িত্বৰ পৰা সাৰি যাব নোৱাৰে৷ আমেৰিকাৰ আন চহৰত বিশ্বকাপৰ মেচ আয়োজন কৰিব পাৰিলেহেঁতেন৷ কিন্তু যি কাৰণতেই নহওক কিয়, টেটলীয়ে নিউয়র্কৰ বাহিৰত মেচ অনুষ্ঠিত কৰিবলৈ অনিচ্ছুক আছিল৷ যিবোৰ পিটচত বিশ্বকাপৰ মেচ খেলা হৈছে, সেইবোৰ পিটচত তেওঁলোকে প্রতিযোগিতা আৰম্ভ হোৱাৰ আগতে ৱার্মআপ মেচ অনুষ্ঠিত কৰাৰ ব্যৱস্থাও কৰা নাছিল৷ এই সকলো ১৯ জুলাইৰ বৈঠকত আলোচনা কৰা হ’ব৷ আইচিচিৰ একাংশ বিষয়াই অনুভৱ কৰে যে টেটলীয়ে আমেৰিকাত টি–২০ বিশ্বকাপ আয়োজন কৰাৰ উদ্দেশ্য সফল হোৱা নাই৷ ক্রিকেট সেই দেশৰ জনসাধাৰণৰ আগত অধিক উন্মোচিত হ’ব পাৰিলেহেঁতেন৷ সেই সুযোগ এইবাৰ টি–২০ বিশ্বকাপত হেৰুৱাই পেলাইছে৷

You might also like