নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকাৰ সন্ধানত গৃহ চৌহদ খান্দিব আয়কৰ বিভাগে

🔹 কংগ্রেছৰ সাংসদ ধীৰাজ চাহুৰ পৰা উদ্ধাৰ নগদ ৩৫৩ কোটি টকা

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : কংগ্রেছ সাংসদ ধীৰাজ চাহুৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা অভিযান চলাই জব্দ কৰা নগদ ৩৫৩ কোটি টকাৰ পিছত এইবাৰ আয়কৰ বিভাগে গোপনে লুকুৱাই ৰখা নগদ টকাৰ সন্ধানত সাংসদগৰাকীৰ বাসগৃহত খনন চলাব৷ যোৱা ৬ ডিচেম্বৰত কংগ্রেছ সাংসদ ধীৰাজ চাহুৰ ওড়িশা, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ বিভিন্ন স্থানত তালাচী চলাই নগদ ৩৫৩ কোটি টকা জব্দ কৰে৷ ইয়াৰ পিছতে সাংসদগৰাকীৰ হাতত গোপনে অনেক নগদ টকা থকাৰ শুংসূত্র লাভ কৰিছে আয়কৰ বিভাগে৷ দেশজুৰি ব্যাপক চর্চিত অভিলেখসংখ্যক নগদ ৩৫৩ কোটি টকা উদ্ধাৰ কৰি আয়কৰ বিভাগে ধীৰাজ চাহুৰ সম্পর্কিত ব্যৱসায়ীৰ ওপৰতো সূক্ষ্ম নিৰীক্ষণ ৰাখিছে৷ শীঘ্রেই সুৰা ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীৰ বিৰুদ্ধে আয়কৰ বিভাগে অভিযান চলাব৷

You might also like