লর্ডছত পলম নকৰি অনুশীলনত নামিল ভাৰতীয় ক্রিকেট দল
🔹 লর্ডছত পলম নকৰি অনুশীলনত নামিল ভাৰতীয় ক্রিকেট দল
🔹 ভাৰতীয় ক্রিকেট ব’র্ডে সম্প্রচাৰ কৰিলে গিল বাহিনীৰ ভিডিঅ’
নিউজ ডেস্ক, ৯ জুন : ইংলেণ্ডত উপস্থিত হৈ সময় নষ্ট নকৰি অনুশীলন আৰম্ভ কৰিছে ভাৰতীয় দলে৷ শনিবাৰে লণ্ডনত উপস্থিত হৈছিল টীম ইণ্ডিয়া৷ দলটো কালিয়েই অনুশীলনত অৱতীর্ণ হয়৷ লর্ডছ ক্রিকেট ষ্টেডিয়ামত স্থাপন কৰিছে ভাৰতীয় দলৰ শিবিৰ৷ তাত প্রথম দিনাই তীব্র অনুশীলনত অৱতীর্ণ হয় ক্রিকেটাৰসকল৷ ভাৰতীয় ক্রিকেট ব’র্ডে অনুশীলনৰ ভিডিঅ’ সামাজিক মাধ্যমত সম্প্রচাৰ কৰিছে৷ সেই ভিডিঅ’ৰ কেপচনত লিখিছে – ‘প্রস্তুতি আৰম্ভ৷ ইংলেণ্ডত ভাৰতীয় দলৰ অনুশীলনৰ প্রথম দৃশ্য৷’
সেই ভিডিঅ’ত দেখা গৈছে নতুন অধিনায়ক শুভমন আৰু সহঃ অধিনায়ক ঋষভ পণ্ট খেলপথাৰৰ পিনে গৈছে৷ প্রথমে লর্ডছৰ ইনড’ৰ ষ্টেডিয়ামলৈ যায় তেওঁলোক৷ তাত ৱার্মআপ কৰাৰ পিছত মূল খেলপথাৰত সোমায়৷ তাত গৌতম গম্ভীৰ আৰু অধিনায়ক শুভমনে প্রথমে সকলোৰে সৈতে ‘টীম হাৰ্ডল’ কৰে৷ তাৰ পিছত আৰম্ভ হয় অনুশীলন৷ প্রথমে ফুটবল খেলে দলটোৱে৷ ঋষভ পণ্ট আৰু অর্শদীপক বহু সময় ফুটবল খেলা দেখা যায়৷ তাৰ পিছত আৰম্ভ হয় ফিল্ডিং অনুশীলন৷ বল হাতত লৈ উইকেটলৈ দলিওৱা আৰু কেছ ধৰাৰ প্রস্তুতি চলায় তেওঁলোকে৷ সেই সময়ত ক্রিকেটাৰসকলৰ প্রতি দৃষ্টি ৰাখে গম্ভীৰে৷ মাজে–সময়ে তেওঁৰ সৈতে কথা পতা দেখা যায় অর্শদীপক৷ অৱশ্যে প্রথম দিনা বেটিং আৰু বলিং অনুশীলন কৰা দেখা নগ’ল ক্রিকেটাৰসকলক৷ তেওঁলোকে মূলতঃ ফিল্ডিঙৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছে৷ অৱশ্যে ১৫জনীয়া দলটোৰ আটাইবোৰ খেলুৱৈ অনুশীলনত উপস্থিত নাছিল৷ অভিমন্যু ঈশ্বৰণ, যশস্বী জয়ছোৱাল, লোকেশ ৰাহুল, কৰুণ নায়াৰ, ধ্রুৱ জুৰেল, নীতিশ ৰেড্ডী আৰু শার্দুল ঠাকুৰে ভাৰত ‘এ’ দলৰ হৈ ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে খেলিব৷ চাৰিদিনীয়া প্রস্তুতি মেচৰ পিছত দলত যোগ দিব তেওঁলোকে৷
উল্লেখ্য যে শৃংখলাটোৰ পূর্বেই ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছে ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে৷ শুভমনক অধিনায়কৰ দায়িত্ব দিয়া হৈছে৷ বিৰাট, ৰোহিত আৰু অশ্বিন অবিহনেই নামিব ভাৰতীয় দল৷ ২০ জুনত হেডিংলেত আৰম্ভ হ’ব প্রথম টেষ্ট৷ পৰৱর্তী ৪খন টেষ্ট হ’ব এজবাষ্টন, লর্ডছ, মানচেষ্টাৰ আৰু অ’ভেলত৷