নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰিটেইন ভ্ৰমণ বন্ধ কৰাৰ আহ্বান লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তৰ… জানক সবিশেষ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ আগষ্টঃ লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তই আজি ভাৰতীয়সকলৰ বাবে ভ্ৰমণ উপদেশ জাৰি কৰিছে। ব্ৰিটেইনত চলি থকা হিংসা আৰু অশান্তিৰ প্ৰতি লক্ষ্য ৰাখি লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তই এই ভ্ৰমণ উপদেশ জাৰি কৰে। এই পৰামৰ্শত ভাৰতীয় মূলৰ লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তই কয়, ভাৰতীয় ভ্ৰমণকাৰীসকলে শেহতীয়াকৈ যুক্তৰাজ্যৰ কিছু অংশত সৃষ্টি হোৱা অশান্তিৰ বিষয়ে অৱগত হ’ব। লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তই এই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ভাৰতীয় উচ্চায়ুক্তৰ তথ্য অনুসৰি ভাৰতৰ পৰা অহা পৰ্যটকক ব্ৰিটেইনলৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ভ্ৰমণৰ সময়ত সজাগ হওক আৰু সাৱধানতা অৱলম্বন কৰক। স্থানীয় নিৰাপত্তা সংস্থাই জাৰি কৰা স্থানীয় বাতৰি আৰু পৰামৰ্শ অনুসৰণ কৰি প্ৰতিবাদ অব্যাহত থকা অঞ্চলৰ পৰা আঁতৰি থকাটো বাঞ্ছনীয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ব্ৰিটেইনত প্ৰব্ৰজিত নাগৰিকৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। দৰাচলতে চাউথপ’ৰ্টৰ নৃত্যৰ ক্লাছত ছুৰীৰে আঘাত কৰি তিনিগৰাকী ছোৱালীৰ মৃত্যুৰ পিছৰে পৰা ব্ৰিটেইনত অশান্তি আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। অবিৰত হিংসাক লৈ চিন্তিত হৈ পৰিছে ব্ৰিটিছ চৰকাৰ। চাউথপ’ৰ্টৰ নৃত্যৰ ক্লাছত ছুৰীৰে আঘাত কৰা কাণ্ডৰ পিছৰে পৰা ব্ৰিটেইনত সংঘাত বন্ধ হোৱা নাই। ৰাজপথত ওলাই আহি অবিৰতভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে মানুহে। খবৰ অনুসৰি আৰক্ষীয়েও প্ৰতিবাদকাৰীৰ সৈতে কঠোৰ ব্যৱহাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কমেও ১০০জন প্ৰতিবাদকাৰীক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১০ চনৰ পিছত ব্ৰিটেইনত আটাইতকৈ গুৰুতৰ আৰু ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হৈছে। কোৱা হৈছিল যে লিভাৰপুল, হাল, ব্রিষ্টল, লিডছ, ব্লেকপুল, ষ্টক-অন-ট্ৰেণ্ট, বেলফাষ্ট, নটিংহাম আৰু মানচেষ্টাৰত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে য’ত অবিৰতভাৱে শিলগুটি নিক্ষেপ আৰু হিংসা দেখা গৈছে৷

You might also like