নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক বিভাজনেৰে দিল্লীত উৰুৱাব ইছলামিক পতাকা

🔹 আনছাৰুল বাংলা টীমৰ মুৰব্বী জছিমুদ্দিন ৰহমানি হাফিৰ হুংকাৰ

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : বাংলাদেশৰ অন্তর্ৱর্তী চৰকাৰে মুকলি কৰি দিয়া আল–কায়দাৰ পঞ্জীকৃত আনছাৰুল বাংলা টীম, চমুকৈ এবিটিৰ মুৰব্বী জছিমুদ্দিন ৰহমানি হাফিয়ে এক ভাৰতবিৰোধী বিস্ফোৰক ভিডিঅ’ প্রচাৰ কৰিছে৷ বিস্ফোৰক ভিডিঅ’টোত জেহাদী সংগঠনটোৰ মুৰব্বী জছিমুদ্দিন ৰহমানি হাফিয়ে মোদীৰ শাসনৰ পৰা পশ্চিমবংগক স্বাধীন ঘোষণা কৰিবলৈ মুখ্যমন্ত্রী মমতা বেনার্জীক আহ্বান জনাইছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী বেনার্জীক ভাৰতবিৰোধী স্থিতি গ্রহণ কৰিবলৈ আহ্বান জনোৱাৰ সমান্তৰালকৈ ভিডিঅ’টোত ভাৰতক বিভক্ত কৰাৰ হুংকাৰ দিছে এবিটিৰ মুৰব্বী হাফিয়ে৷ বাংলাদেশ চৰকাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া জেহাদী হাফিয়ে ভিডিঅ’টোত কয়– ভাৰতক বিভাজিত কৰা হ’ব আৰু দিল্লীত ইছলামৰ পতাকা উৰিব৷ ইণ্ডিয়া টুডে ডিজিটেল নামৰ সংস্থা এটাই ভিডিঅ’টো সন্দর্ভত অনুসন্ধান চলাই ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰিছে৷ ঢাকাস্থিত হাস্পতালৰ ৱার্ডত চিত্রগ্রহণ কৰা ভিডিঅ’টো হাফিয়ে ছেপ্টেম্বৰ মাহৰ প্রথম সপ্তাহত ৰেকর্ডিং কৰিছিল বুলি ইণ্ডিয়া টুডে ডিজিটেলে প্রকাশ কৰিছে৷ শ্বেইখ হাছিনাক পদত্যাগ কৰি দেশৰ পৰা পলাবলৈ বাধ্য কৰোৱা ‘এক মাহৰ বিপ্লৱ’ৰ প্রসংগৰে এবিটিৰ মুৰব্বী হাফিয়ে ভিডিঅ’টোত পশ্চিমবংগত ভাৰতজুৰি বিচ্ছিন্নতাবাদী আন্দোলনক সমর্থন কৰিবলৈও আহ্বান জনাইছে৷ এনেদৰে ভাৰতক বাংলাদেশৰ বিৰুদ্ধে আগ্রাসী ব্যৱস্থা গ্রহণ নকৰিবলৈও ইছলামিক সন্ত্রাসবাদী সংগঠনটোৱে সকীয়নি দিছে৷ বাংলাদেশ ছিকিম আৰু ভূটানৰ দৰে নহয় বুলিও উল্লেখ কৰি এবিটিৰ মুৰব্বী হাফিয়ে কয় যে বাংলাদেশ ১৮ কোটি মুছলিমৰ দেশ৷ ইয়াৰ বিৰুদ্ধে কোনোবাই প্রৰোচনা কৰিলে উচিত প্রত্যুত্তৰ দিয়া হ’ব৷ আনপিনে চীনৰ সহায়ত ভাৰতৰ উত্তৰ–পূবক শিলিগুৰি কৰিড’ৰ (চিকেন নেক)ৰ পৰা পৃথক কৰিব বুলি হুংকাৰ দিয়ে জেহাদী সংগঠনটোৰ মুৰব্বীয়ে৷ ভিডিঅ’টোত উল্লেখ কৰা হৈছে যে যদি বাংলাদেশৰ ফালে দৃষ্টি দিয়া হয় তেতিয়াহ’লে জেহাদী সংগঠনটোৱে চীনৰ ওচৰ চাপি চিকেন নেক কর্তন কৰিবলৈও আহ্বান জনাব৷

You might also like