নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালীৰ প্ৰয়াত প্ৰধানমন্ত্ৰীয়ে ৩৩ বছৰীয়া প্ৰেমিকাৰ বাবে এৰি গ’ল ৯০০ কোটি

বিশেষ বাৰ্তা, ১০ জুলাই : ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ছিলভিঅ’ বাৰ্লুস্কোনিয়ে নিজৰ উইলত ৩৩ বছৰীয়া প্ৰেমিকা মাৰ্টা ফাচিনাৰ বাবে ১০ কোটি ইউৰোতকৈ অধিক অৰ্থাৎ ৯০০ কোটি টকা এৰি গৈছে। যোৱা মাহত ৮৬ বছৰ বয়সত মৃত্যু হৈছিল বাৰ্লুস্কোনিৰ। উল্লেখ্য যে ছিলভিঅ’ বাৰ্লুস্কোনি আছিল এজন মিডিয়া টাইকুন আৰু ৰাজনীতিবিদ। তেওঁ তিনিবাৰকৈ ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বাৰ্লুস্কোনিৰ সাম্ৰাজ্যৰ মূল্য ৬ বিলিয়ন ইউৰোতকৈও অধিক বুলি অনুমান কৰা হৈছে। ফৰ্জা ইটালিয়াৰ ডেপুটি মাৰ্টা ফাচিনা আৰু বাৰ্লুস্কোনিৰ মাজত সম্পৰ্ক আৰম্ভ হৈছিল ২০২০ চনৰ পৰা। দুয়োজনে কেতিয়াও বৈধভাৱে বিবাহপাশত আবদ্ধ হোৱা নাছিল। কিন্তু, মৃত্যুৰ আগতে বাৰ্লুস্কোনিয়ে ফাচিনাক পত্নী বুলি মাতিছিল। উল্লেখ্য যে যোৱা মাহত মৃত্যু হোৱা ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিঅ’ বাৰ্লুস্কোনিয়ে নিজৰ উইলত ৩৩ বছৰীয়া প্ৰেমিকা মাৰ্টা ফাচিনাক ১০ কোটি ইউৰো দি যোৱা বুলি প্ৰকাশ পাইছে। মঙলবাৰে পাঁচটা সন্তান আৰু অন্যান্য সাক্ষীৰ উপস্থিতিত তেওঁৰ উইল পাঠ কৰা হয়। উইলত তেওঁ লিখিছে- ‘মই উপলব্ধ ষ্টক সমানে মোৰ সন্তান মেৰিনা আৰু পিয়ৰ ছিলভিঅ’ৰ ওপৰত এৰি দিছোঁ। বাকী সকলোবোৰ সমানে মোৰ পাঁচটা সন্তান মেৰিনা, পিয়ৰ ছিলভিঅ’, বাৰ্বাৰা, এলিওনোৰা আৰু লুইজিৰ ওপৰত এৰি দিছোঁ।’

You might also like