এজন গ্রাহকক মাত্র দুটাকৈ কণী বিক্রী বিপণীত
🔹 আমেৰিকাত কণীৰ প্রচণ্ড নাটনি
নিউজ ডেস্ক, ২৩ মার্চ : বার্ড ফ্লুৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রত শত সহস্র কুকুৰা নিধন কৰিবলগীয়া হোৱাৰ পৰিপ্রেক্ষিতত কণীৰ প্রচণ্ড নাটনি হৈছে৷ কণীৰ এই নাটনিৰ বাবেই দাম বৃদ্ধি অধিক হৈছে আৰু কণীৰ চাহিদা পূৰণ কৰিব নোৱাৰি বিপণীসমূহে এজন গ্রাহকক মাত্র দুটাকৈ কণী বিক্রী কৰি আছে৷ দেশখনত কণীৰ নাটনিৰ প্রতি লক্ষ্য ৰাখি ট্রাম্প চৰকাৰে দক্ষিণ কোৰিয়া আৰু তুৰস্কৰ লগতে আন দেশৰ পৰা কণী আমদানি কৰাৰ লক্ষ্য লৈছে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রত কণীৰ দামে পূর্বৰ সকলো অভিলেখ ভংগ কৰি সর্বাধিক মূল্যত বিক্রী হৈ আছে৷ আনপিনে বার্ড ফ্লুৰ বাবে ক্ষতিগ্রস্ত হোৱা কুকুৰা পালকসকলক এক বিলিয়ন মার্কিন ডলাৰ ক্ষতিপূৰণ হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ট্রাম্পে নির্বাচনৰ সময়ত কণীৰ দাম হ্রাস কৰিম বুলি প্রতিশ্রুতি দিছিল যদিও কণী উৎপাদনত ব্যয় বিগত বর্ষত ৬৫ শতাংশ বৃদ্ধি পোৱাৰ বাবে কণীৰ দাম পূর্বতকৈ অধিক বৃদ্ধিহে পাইছে৷ ইয়াৰ পৰিপ্রেক্ষিততে চৰকাৰখনে কণী আমদানিৰ সিদ্ধান্ত লৈছে৷