নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ বিভীষিকাত অস্থিৰ–অশান্ত মধ্যপ্রাচ্য

🔹 হামাছৰ সংহাৰ–ইজৰাইলৰ প্রত্যুত্তৰত নিহত সহস্রাধিক

🔹 শিশু–মহিলা–বৃদ্ধক কৰায়ত্ত কৰি নৃশংস হত্যাৰ ভিডিঅ’ প্রচাৰ পেলেষ্টাইনী সন্ত্রাসবাদীৰ

বিশেষ বাৰ্তা, ৯ অক্টোবৰ : পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰি তুলিছে ইজৰাইলে৷ শনিবাৰে পুৱা আচম্বিতে হামাছ সন্ত্রাসবাদীয়ে ২০ মিনিটৰ ভিতৰত ইজৰাইলৰ দক্ষিণ প্রান্তত পাঁচ সহস্রাধিক ৰকেট আক্রমণেৰে ছয় শতাধিক ইজৰাইলীৰ প্রাণকাঢ়ি লোৱাৰ লগতে সহস্রাধিকক আহত কৰাৰ পাছতে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ইজৰাইলে৷ ইজৰাইলৰ প্রতিৰক্ষা বাহিনীয়ে আকাশমার্গেৰে হামাছ সন্ত্রাসবাদীশাসিত গাজা ষ্ট্রীপত প্রচণ্ড আক্রমণ চলাইছে৷ ইজৰাইল আৰু হামাছ সন্ত্রাসবাদীৰ মাজত আক্রমণ–প্রত্যাক্রমণত সহস্রাধিক লোকৰ প্রাণ গৈছে আৰু কেইবাসহস্র আহত হৈছে৷ হামাছ সন্ত্রাসবাদীয়ে ৰকেট আক্রমণৰ সমান্তৰালকৈ ইজৰাইলৰ ভূমিত প্রৱেশ কৰি জধে–মধে নাগৰিকৰ ওপৰত নৃশংস হত্যালীলা চলাইছে৷ শিশুৰ পৰা মহিলা, বৃদ্ধলৈকে হামাছ সন্ত্রাসবাদীয়ে কৰায়ত্ত কৰি হত্যালীলা চলোৱাৰ ভিডিঅ’ প্রচাৰ কৰিছে৷ তেনেদৰে ইজৰাইলী সেনাক কৰায়ত্ত কৰিও ভিডিঅ’ প্রচাৰ কৰিছে হামাছে৷ হামাছৰ এই ভিডিঅ’ক লৈ বিশ্বজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ইপিনে, বন্দুকধাৰীৰ বিৰুদ্ধে ইজৰাইলৰ সেনায়ো কঠোৰ ব্যৱস্থা গ্রহণ কৰি আক্রমণ তীব্রতৰ কৰি তুলিছে৷ গাজা ষ্ট্রীপলৈ আকাশমার্গেৰে আক্রমণ চলাই তিনি শতাধিক সন্ত্রাসবাদীসহ ৫০০ লোকৰ জীৱন কাঢ়িছে৷ তথ্য মতে, দুয়োপক্ষৰ আক্রমণ–প্রত্যাক্রমণত এহাজাৰতকৈ অধিক লোক নিহত হোৱাৰ লগতে প্রায় ৩,০০০ লোক আহত হৈছে৷ হামাছৰ আক্রমণত তিনিশতকৈ অধিক ইজৰাইলী লোক নিহত হোৱাৰ লগতে এহাজাৰ আহত হৈছে৷ গাজা কর্তৃপক্ষই প্রকাশ কৰা মতে, ইজৰাইলী সেনাৰ তীব্র আক্রমণত ৫০০তকৈ অধিক পেলেষ্টাইনীৰ মৃত্যু ঘটিছে৷ ১,৭০০তকৈ অধিক লোক আহত হৈছে৷ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ যুদ্ধই মধ্যপ্রাচ্যক অশান্ত–অস্থিৰ কৰি তুলিছে৷ ইতিমধ্যে মধ্যপ্রাচ্যৰ দেশসমূহৰ মাজত এই যুদ্ধক লৈ উদ্বিগ্ণতা বৃদ্ধি পাইছে৷ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে সকলো বল প্রয়োগ কৰি সমূলঞ্চে বিনাশ ঘটাবলৈ ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে প্রতিৰক্ষা বাহিনীক নির্দেশ দিছে৷ শনিবাৰৰ দিনটোক ক’লা দিন হিচাপে ইজৰাইলে ঘোষণা কৰি হামাছৰ বিৰুদ্ধে দেশখনৰ প্রতিৰক্ষা বাহিনীৰ সকলো বিভাগক আক্রমণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ইতিমধ্যে হামাছৰ বিৰুদ্ধে সকলো দিশৰ পৰা আক্রমণ চলাইছে ইজৰাইলে৷ ইপিনে, হামাছে আকাশমার্গেৰে ইজৰাইলক আক্রমণ কৰাৰ সমান্তৰালভাৱে স্থলভাগেৰেও আক্রমণ অব্যাহত ৰখাৰ সময়তে হামাছক সমর্থন জনাই লেবাননৰ পৰা ইজৰাইলৰ ওপৰত হিজবুল্লায়ো মর্টাৰ আক্রমণ চলাইছে৷ হিজবুল্লাৰ এই আক্রমণ ব্যর্থ কৰিবলৈ ইজৰাইলী সেনায়ো প্রত্যাক্রমণ চলাইছে৷ আনপিনে, ইজিপ্তত দুজন ইজৰাইলী পর্যটকক গুলীয়াই হত্যা কৰিছে দেশখনৰ আৰক্ষীয়ে৷ দেশখনৰ টেলিভিছন চেনেল এক্সট্রা নিউজে প্রকাশ কৰা মতে, ইজৰাইলী পর্যটকৰ দুজনক নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰিছে৷ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ যুদ্ধৰ সময়তে লেবাননৰ হিজবুল্লা আৰু ইজিপ্তৰ নিৰাপত্তা বাহিনীয়ে ইজৰাইলৰ ওপৰত আক্রমণে বিশ্বত এক অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ লক্ষণীয় যে হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলৰ ওপৰত চলোৱা আক্রমণক সন্ত্রাসবাদী আক্রমণ হিচাপে আখ্যা দি বিশ্বৰ কেইবাখনো দেশে এই আক্রমণক গৰিহণা জনাইছে৷ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধ ঘোষণাক সমর্থন আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপীয় সংঘ, ভাৰতকে ধৰি কেইবাখনো দেশে৷ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত অংশগ্রহণ কৰিবলৈ হামাছে ৱেষ্ট বেংক, আৰব আৰু ইছলামিক বিশ্বক আহ্বান জনাইছে৷

You might also like