নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সনাতন ধর্ম–ইণ্ডিয়া বনাম ভাৰত বিতর্কত মন্ত্রীয়ে দিব নোৱাৰিব মন্তব্য- মোদী

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : ডিএমকেৰ নেতা উদয়ানিধি ষ্টেলিনৰ সনাতন ধর্মক লৈ বিতর্কিত মন্তব্য আৰু ইণ্ডিয়া বনাম ভাৰতক লৈ চলি থকা বিতর্ক সন্দর্ভত মন্ত্রীসকললৈ কঠোৰ নির্দেশনা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ দেশত আয়োজিত জি–২০ শীর্ষ সন্মিলনৰ প্রস্তুতি পূর্ণোদ্যমে চলি থকাৰ মাজতে দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইণ্ডোনেছিয়া ভ্রমণলৈ ৰাওনা হোৱাৰ প্রাক্মুহূর্তত মন্ত্রীসকলক কঠোৰ নির্দেশনা দিছে৷ সনাতন ধর্মক লৈ বিতর্ক আৰু ইণ্ডিয়া বনাম ভাৰতক লৈ বিতর্কৰ সময়ত কোনো মন্ত্রীয়ে অনাহকত কোনো মন্তব্য দিয়াটো বাৰণ কৰাৰ লগতে এই সন্দর্ভত কেৱল দল তথা চৰকাৰে দায়িত্ব দিয়া ব্যক্তিয়েহে মন্তব্য দিব পাৰিব বুলি নির্দেশনা দিছে প্রধানমন্ত্রী মোদীয়ে৷ প্রধানমন্ত্রী মোদীয়ে কেবিনেট মন্ত্রীসকলৰ সৈতে বৈঠকত এই নির্দেশনা জাৰি কৰি কয়– ইতিহাসলৈ নাযাব৷ সংবিধানৰ আধাৰতে বক্তব্য ৰাখিব লাগিব আৰু বিষয়টোক লৈ যথাস্থিতি লৈহে মন্তব্য কৰিব৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় মন্ত্রীসকলক জি–২০ সন্মিলনত অংশ ল’বলৈ ব্যক্তিগত বাহনৰ পৰিৱর্তে বাছত যাবলৈ নির্দেশ দিছে৷ বিদেশী অতিথিসকলকো আদৰণি জনোৱাৰ সময়ত নিজৰ পৰম্পৰা বর্তাই ৰাখিবলৈ মন্ত্রীসকলক নির্দেশ দিছে প্রধানমন্ত্রীয়ে৷ উল্লেখ্য যে তামিলনাডুৰ মুখ্যমন্ত্রী তথা ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনৰ পুত্র উদয়ানিধি ষ্টেলিনে সনাতন ধর্মক ডেংগু আৰু মেলেৰিয়াৰ বীজাণুৰ সৈতে ৰিজাই এই ধর্ম নিঃশেষ কৰিব লাগিব বুলি বিতর্কিত মন্তব্য কৰিছে৷ উদয়ানিধিৰ এই মন্তব্যই বিজেপিক ক্ষুব্ধ কৰি তুলি উদয়ানিধিৰ বিৰুদ্ধে কঠোৰ বাক্যবাণ নিক্ষেপ কৰি আছে৷ ডিএমকেৰ নেতা উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে উত্তৰ প্রদেশৰ ৰামপুৰত এজাহাৰ দাখিল কৰা হৈছে৷

You might also like