মিছাইল ধ্বংসকাৰী ‘আইএনএছ ইম্ফল’ সংযোজন হ’ল নৌ–বাহিনীত
🔹 মণিপুৰৰ ৰাজধানীৰ নামেৰে দেশৰ প্রথম যুদ্ধ জাহাজ
বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰ : উত্তৰ–পূবৰ ৰাজ্য মণিপুৰৰ ৰাজধানী ইম্ফলৰ নামেৰে নামকৰণ কৰা হৈছে দেশৰ যুদ্ধ জাহাজ আইএনএছ ইম্ফল৷ দেশৰ চহৰ এখনৰ নামেৰে নামকৰণ কৰা প্রথম যুদ্ধ জাহাজ আইএনএছ ইম্ফল কালি নৌ–বাহিনীক আনুষ্ঠানিকভাৱে অর্পণ কৰা হয়৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ উপস্থিতিত ভাৰতীয় নৌ–বাহিনীত সংযোজন কৰা হৈছে মিছাইল বিধ্বংসী যুদ্ধ জাহাজ আইএনএছ ইম্ফল৷ ইয়াৰ পূর্বে তিনিখন যুদ্ধ জাহাজ নৌ–সেনাত মোতায়েন কৰা হৈছিল৷ চতুর্থ আইএনএছ ইম্ফল যুদ্ধ জাহাজখন ষ্টিলথ পৰিচালিত মিছাইল ধ্বংসকাৰী যুদ্ধ জাহাজ৷ দেশীয়ভাৱে নির্মিত এই জাহাজখন নৌ–বাহিনীক আনুষ্ঠানিকভাৱে অর্পণ কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয়– নৌ–বাহিনীত আইএনএছ ইম্ফল মোতায়েনে প্রতিৰক্ষা খণ্ডত ভাৰতৰ স্বনির্ভৰশীলতাক প্রতিফলিত কৰে৷ এই যুদ্ধ জাহাজ নির্মাণত জড়িত আটাইৰে কঠোৰ শ্রম আৰু উৎসর্গাই দেশৰ প্রতিৰক্ষা খণ্ডক উজ্জীৱিত কৰি তুলিছে৷ আইএনএছ ইম্ফল মোতায়েনে ভাৰতীয় নৌ–সেনাক নিশ্চিতভাৱে শক্তিশালী কৰি তুলিব৷ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একনাথ সিন্দে আৰু নৌ–সেনাৰ মুৰব্বী এডমিৰেল আৰ হৰিকুমাৰৰ উপস্থিতিত আইএনএছ ইম্ফল অর্পণ কৰি প্রতিৰক্ষা মন্ত্রী সিঙে লোহিত সাগৰত বিগত দুদিন ধৰি দুখন ভাৰতীয় বাণিজ্যিক জাহাজ আক্রমণৰ ঘটনাটোক গভীৰভাৱে গ্রহণ কৰা বুলি মন্তব্য কৰে৷ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে এই আক্রমণত জড়িত লোকক সাগৰৰ গভীৰতাৰ পৰা বিচাৰি উলিয়াই কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি ঘোষণা কৰে৷ উল্লেখ্য যে লোহিত সাগৰত এম ভি চেম প্লুটো আৰু এম ভি সাই বাবা নামৰ বাণিজ্যিক জাহাজ দুখন লোহিত সাগৰত ড্রোন আক্রমণৰ সন্মুখীন হৈছে৷ এম ভি চেম প্লুটোত ২১ ভাৰতীয় কর্মচাৰী হিচাপে আছে৷ এই দুয়োখন বাণিজ্যিক জাহাজত আক্রমণকাৰীক ৰেহাই দিয়া নহ’ব বুলি দৃঢ়তাৰে কয় মন্ত্রী সিঙে৷ তাৎপর্যপূর্ণ যে আইএনএছ ইম্ফল নির্মাণত জড়িত আছে ৱাৰশ্বিপ ডিজাইন ব্যুৰ’৷ এই সংস্থাটোৱে যুদ্ধ জাহাজখনৰ আর্হি প্রস্তুত কৰাৰ বিপৰীতে মুম্বাইৰ প্রতিৰক্ষা পিএছইউ মাজাগাঁও ডক লিমিটেডে নির্মাণ কৰিছে৷