নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪,৩১৩ কিলোমিটাৰ দূৰত্বত চন্দ্ৰ!

📌 চন্দ্ৰযান-৩-এ আন এক কক্ষপথ সলনি কৰিলে দেওবাৰে নিশা
বিশেষ বাৰ্তা, ৭ জুলাই : ইছৰোৰ চন্দ্ৰযান-৩-এ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছত দ্ৰুতগতিত নিজৰ কক্ষপথ সলনি কৰিছে। ইছৰোৰ বিজ্ঞানীসকলে মহাকাশযানখনক চন্দ্ৰৰ কক্ষপথত সফলতাৰে স্থাপন কৰাৰ পিছত দেওবাৰে নিশা প্ৰথমবাৰৰ বাবে মহাকাশযানখনে কক্ষপথ সলনি কৰে। ফলত চন্দ্ৰযান-৩ বাহ্যিক কক্ষপথৰ পৰা ভিতৰৰ কক্ষপথলৈ আৰু এখোজ আগবাঢ়ি গৈছে। ইছৰোৰ তথ্য অনুসৰি, চন্দ্ৰযানৰ চন্দ্ৰলৈ দূৰত্ব মাত্ৰ ৪,৩১৩ কিলোমিটাৰ। উল্লেখ্য যে দেওবাৰে নিশা ইছৰ’ই টুইট কৰি চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ ‘ভূমি’ত প্ৰথমটো কক্ষপথ পৰিৱৰ্তন সফল বুলি প্ৰকাশ কৰে। বৰ্তমান চন্দ্ৰযান ১৭০ কিলোমিটাৰ X ৪১৩১ কিলোমিটাৰ কক্ষপথত আছে। ইছৰোৰ চন্দ্ৰযান-৩-এ উক্ত কক্ষপথত চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। চন্দ্ৰযান-৩-এ ঢাপে ঢাপে কক্ষপথ সলনি কৰি চন্দ্ৰত উপনীত হ’ব। ইছৰ’ই মুঠ পাঁচবাৰ কক্ষপথ সলনি কৰাৰ পৰিকল্পনা কৰিছে। ইছৰোৰ মতে, পৰৱৰ্তী কক্ষপথ পৰিৱৰ্তন প্ৰক্ৰিয়া অহা ৯ আগষ্টত দিনৰ ১ বজাৰ পৰা ২ বজাৰ ভিতৰত হ’ব। চন্দ্ৰযান-৩-এ ইতিমধ্যে চন্দ্ৰৰ কক্ষপথৰ পৰা প্ৰথম ছবি প্ৰেৰণ কৰিছে। দেওবাৰে নিশা এটা ভিডিঅ’ টুইট কৰি ইছৰ’ই এই ছবিখন প্ৰকাশ কৰে। ভিডিঅ’টোত দেখাৰ দৰে চৌদিশে আন্ধাৰ, তাত ধূসৰ গোলক এটা আছে। এনে লাগে যেন ভাৰতীয় মহাকাশযানখন চন্দ্ৰৰ ওচৰত থিয় হৈ আছে। উল্লেখ্য যে ১৪ জুলাইৰ দুপৰীয়া ২:৩৫ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। এতিয়ালৈকে মুঠ যাত্ৰাৰ দুই তৃতীয়াংশ চন্দ্ৰযানে সামৰি লৈছে। চন্দ্ৰযান-৩ উৎক্ষেপণৰ ২২ দিন পিছত চন্দ্ৰৰ কক্ষপথত উপনীত হয়।

You might also like