সুৰা কিনিবলৈ টকা নিদিয়াত মাতৃক নৃশংস হত্যা পুত্রৰ
বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : উৎসৱৰ ঋতুত সুৰাপান কৰিবলৈ পুত্রক টকা লাগে৷ বাৰে বাৰে মাতৃৰ ওচৰত সুৰাপানৰ বাবে ধন দাবী কৰিছিল পুত্রই৷ কিন্তু মাতৃয়ে ধন দিবলৈ অমান্তি হোৱাত খঙত ৰুদ্রমূর্তি ধৰি মাতৃক হত্যা কৰিলে পুত্রই৷ মৃত মহিলাৰ নাম সংগীতা নাথৰাও মুণ্ডে৷ ৪০ বছৰীয়া মহিলাগৰাকীক হত্যা কৰে ২৩ বছৰীয়া ডানেশ্বৰ নাথৰাও মুণ্ডেই৷ আজি এই নৃশংস হত্যাৰ অভিযোগত ডানেশ্বৰক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ মহাৰাষ্ট্রৰ লাটুৰ জিলাৰ ছাটালা গাঁৱত শুকুৰবাৰে সংঘটিত হৈছে এই লোমহর্ষক ঘটনা৷ উল্লেখ্য যে মাতৃৰ মৃতদেহ ঘৰতে পেলাই থৈ পলায়ন কৰিছিল ডানেশ্বৰে৷