নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৰত বাজি উঠিল ভাৰতৰ জাতীয় সংগীত

🔹 চেম্পিয়নছ ট্ৰফীত অষ্ট্রেলিয়া–ইংলেণ্ডৰ মেচ

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : পাকিস্তানৰ আকাশ–বতাহ মুখৰিত কৰি বাজি উঠিল ভাৰতৰ জাতীয় সংগীত৷ পাকিস্তানৰ লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অকস্মাতে শুনা গ’ল ‘জন গণ মন…’৷ চেম্পিয়নছ ট্রফীত কালি লাহোৰত অনুষ্ঠিত মেচখনত ভাগ লয় অষ্ট্রেলিয়া আৰু ইংলেণ্ডে৷ আইচিচিৰ প্রতিযোগিতাৰ নিয়ম অনুসৰি প্রতিখন খেল আৰম্ভ হোৱাৰ আগতে দুয়োটা দলৰ জাতীয় সংগীত বজোৱা হয়৷ তাৰ আগতে দুয়োটা দলৰ ক্রিকেটাৰসকলে খেলপথাৰলৈ নামি আহিছিল৷ প্রথমে বাজি উঠিল ইংলেণ্ডৰ জাতীয় সংগীত৷ ইয়াৰ পিছত অষ্ট্রেলিয়াৰ ক্রিকেটাৰসকলে জাতীয় সংগীত গোৱাৰ বাবে অপেক্ষা কৰি আছিল৷ হঠাৎ ভাৰতীয় জাতীয় সংগীত বাজিবলৈ ধৰিলে৷ ভাৰতৰ জাতীয় সংগীত বজাৰ লগে লগে গাদ্দাফি ষ্টেডিয়ামত উপস্থিত থকা দর্শকসকল চিঞৰি উঠে৷ অষ্ট্রেলিয়াৰ ক্রিকেটাৰসকলো স্তম্ভিত হৈ পৰে৷ অৱশ্যে কেই ছেকেণ্ডমানৰ ভিতৰতে বন্ধ হয়৷ ইয়াৰ পিছত আৰম্ভ হ’ল অষ্ট্রেলিয়াৰ জাতীয় সংগীত৷ অৱশ্যে  ছ’চিয়েল মিডিয়াত মুহূর্তৰ ভিতৰতে ভাইৰেল হৈ পৰে এই ভিডিঅ’টো৷ এই সন্দর্ভত পাকিস্তান ক্রিকেট ব’র্ডে এতিয়াও কোনো মন্তব্য কৰা নাই৷ ইয়াৰ পূর্বে পাকিস্তানৰ এখন ষ্টেডিয়ামত ভাৰতীয় জাতীয় পতাকাক লৈ বিতর্কৰ সৃষ্টি হৈছিল৷ যোৱা সোমবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা ভিডিঅ’৷ দেখা গ’ল যে লাহোৰ আৰু কৰাচীৰ ষ্টেডিয়ামত অন্য দেশৰ পতাকা থকাৰ বিপৰীতে ভাৰতৰ পতাকা নাছিল৷

You might also like