নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌসেনাই লাভ কৰিব ৪৩ হাজাৰ কোটিৰ ছাবমেৰিন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ জুলাইঃ ভাৰতত যৌথ উদ্যোগত ছাবমেৰিন নির্মাণ কৰিব জার্মানী আৰু স্পেইনে নাম ‘প্রজেক্ট ৭৫১’৷ ভাৰতীয় নৌসেনাৰ বাবে ৪৩ হাজাৰ কোটি টকা খৰচ কৰি ৬খন অত্যাধুনিক ছাবমেৰিন নির্মাণ কৰা হ’ব৷ জার্মানীৰ লগতে স্পেইনেও ‘মেক ইন ইণ্ডিয়া’ আঁচনিত কৌশলগত অংশীদাৰিত্বৰ ভিত্তিত নৌসেনাৰ বাবে ছাবমেৰিন নির্মাণ কর্মসূচীত অংশগ্রহণৰ সম্ভাৱনা আছে৷ জার্মানীৰ চেঞ্চেলৰ ওলাফ স্কোলজ আৰু স্পেইনৰ ৰাষ্ট্রপতি পেড্রো ছাঞ্চেজৰ আগন্তুক ভাৰত ভ্রমণৰ সময়ত এই সন্দর্ভত বুজাবুজি হোৱাৰ সম্ভাৱনা আছে বুলি প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রই সদৰী কৰিছে৷ উল্লেখনীয় যে ২০২১ চনৰ জুন মাহত ৰাজনাথ সিঙৰ সভাপতিত্বত সমৰাস্ত্র ক্রয় সম্পর্কীয় সিদ্ধান্ত গ্রহণৰ ক্ষমতাসম্পন্ন ‘ডিফেঞ্চ একুইজিছন কাউঞ্চিল’ৰ বৈঠকত ‘মেক ইন ইণ্ডিয়া প্রকল্প’ৰ অধীনত কৌশলগত অংশীদাৰিত্বৰ ভিত্তিত নৌসেনাৰ বাবে ৬খন অত্যাধুনিক ছাবমেৰিন নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ পৰৱর্তী সময়ত এই সিদ্ধান্তক চূড়ান্ত ৰূপ দিয়ে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয় আৰু নৰেন্দ্র মোদী মন্ত্রীসভাই৷ যোৱাবছৰ জুন মাহত দিল্লীত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু জার্মানীৰ প্রতিৰক্ষা মন্ত্রী বৰিছ পিষ্টোৰিয়াছৰ উপস্থিতিত এই সম্পর্কীয় দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ সম্পর্কত চূড়ান্ত আলোচনা হৈছিল বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ আনফালে, যোৱা মাহত ভাৰতীয় নৌসেনাৰ এক বিশেষজ্ঞ দলে স্পেইনৰ চৰকাৰী জাহাজ নির্মাতা সংস্থা নাভাণ্টিয়াৰ কাৰখানা পৰিদর্শন কৰিছিল৷ স্পেইনত এই বিশেষজ্ঞ দলটোৱে দেশখনৰ ছাবমেৰিনৰ কার্যকাৰিতা সম্পর্কত পর্যালোচনা চলাইছিল৷ সেইদৰে জার্মানীৰ ছাবমেৰিনক লৈও বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলোৱা হৈছে৷ জার্মানীৰ থাইছেনক্রুক মেৰিন ছিষ্টেমছে ইতিমধ্যে মুম্বাইৰ মাজগাঁও ডক জাহাজ নির্মাণ কর্তৃপক্ষৰ সৈতে এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্রপালচন ছিষ্টেমসহ ৬খন ছাবমেৰিন নির্মাণৰ প্রকল্পৰ বাবে চুক্তি কৰিছে৷ আনফালে, নাভাণ্টিয়া ইঞ্জিনীয়াৰিঙে যৌথভাৱে ভাৰতীয় সংস্থা লাৰছেন এণ্ড টার্বোৰ সৈতে কাম কৰি আছে৷

You might also like