পৰৱর্তী মহাকুম্ভ হ’ব বালিৰ ওপৰত, পুণ্যস্নানৰ বাবে নাথাকিব পানী
🔹 প্রধানমন্ত্রীলৈ মুকলি পত্র সোনম ৱাংচুকৰ
নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : দ্রুতগতিত গলি আছে হিমালয়ৰ হিমবাহ৷ লাডাখৰ এটা হিমবাহৰ পৰা বৰফৰ টুকুৰা লৈ শেহতীয়াকৈ আমেৰিকালৈ গৈছিল পৰিৱেশকর্মী সোনম ৱাংচুক৷ আমেৰিকাৰ পৰা উভতি আহি বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ মুকলি পত্র লিখিলে ৱাংচুকে৷ দ্রুত ব্যৱস্থা গ্রহণৰ দাবী জনাই ৱাংচুকে সতর্কবাণী কৰে যে ১৪৪ বছৰ পিছত যদি মহাকুম্ভৰ আয়োজন কৰা হয়, তেন্তে সেয়া বালিৰ ওপৰত কৰিব লাগিব৷ পুণ্যস্নানৰ কোনো উপায় নাথাকিব বুলি সতর্কবাণী কৰিছে ৱাংচুকে৷ কাৰণ সেই সময়ত সকলো নদী শুকাই যোৱাৰ আশংকা আছে৷ নতুন দিল্লীত সংবাদ মেল সম্বোধন কৰি ৱাংচুকে কয় যে পৰিস্থিতি সন্দর্ভত এতিয়াই সজাগ নহ’লে ভয়াৱহ দিনৰ সন্মুখীন হ’ব লাগিব৷ গংগা, যমুনাৰ দৰে নদীসমূহৰ উৎসত থকা হিমবাহবোৰ পুনৰ উদ্ধাৰৰ বাবে পদক্ষেপ গ্রহণ নকৰিলে পৰৱর্তী সময়ৰ মহাকুম্ভ হ’ব বালিৰ ওপৰত বুলিও উল্লেখ কৰে ৱাংচুকে৷ স্মর্তব্য যে হিমবাহ ৰক্ষাৰ বাবে দীর্ঘদিন ধৰি আন্দোলন কৰি আছে ৱাংচুৱে৷ আনকি লাডাখৰ পৰা দিল্লীলৈ পদযাত্রা কৰিছিল পৰিৱেশ কর্মীগৰাকীয়ে৷