বিশেষ বিমানেৰে দিল্লীলৈ আনি তাহাউৰ ৰাণাক গ্রেপ্তাৰ ‘নিয়া’ৰ
🔹 শিহৰণকাৰী মুম্বাই আক্রমণৰ মূল ষড়যন্ত্রকাৰী
নিউজ ডেস্ক, ১১ এপ্রিল : শিহৰণকাৰী ২৬/১১ৰ মুম্বাই আক্রমণৰ মূল ষড়যন্ত্রকাৰী পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক তাহাউৰ ৰাণাক কালি বিশেষ বিমানেৰে আমেৰিকাৰ পৰা দিল্লীলৈ অনা হৈছে৷ ৰাণাক লৈ অহা বিমান দিল্লীত অৱতৰণ কৰাৰ পূর্বে ৰাজধানী মহানগৰখনত নিশ্ছিদ্র নিৰাপত্তা বেহু গঢ়ি তোলা হয়৷ লক্ষণীয়ভাৱে ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা (নিয়া)ৰ বিষয়াৰ দলে বিশেষ বিমানেৰে ৰাণাক আমেৰিকাৰ পৰা দিল্লীলৈ লৈ আহিছে৷ মার্কিন শীর্ষ আদালতত ৰাণাৰ দ্বিতীয়খন আবেদন অগ্রাহ্য হোৱাৰ পিছত তাৎক্ষণিকভাৱে ভাৰতলৈ প্রত্যর্পণ কৰা হয় কুখ্যাত সন্ত্রাসবাদী মাষ্টাৰমাইণ্ডক৷ ইফালে, সন্ধিয়া ৬.৩০ বজাত দিল্লীত উপস্থিত হোৱাৰ পিছতে ৰাণা সন্দর্ভত এক বিবৃতি প্রকাশ কৰে ‘নিয়া’ই৷ এই বিবৃতিত উল্লেখ কৰা হয় যে ২০০৮ চনৰ মুম্বাইৰ কূটাঘাতী কাণ্ডৰ মূল ষড়যন্ত্রকাৰী আছিল ৰাণা৷ ২০০৮ চনৰ সেই শিহৰণকাৰী আক্রমণৰ ঘটনাৰ মূল ষড়যন্ত্রকাৰীক বিচাৰৰ আওতালৈ অনাৰ বাবে কেইবাবছৰ ধৰি চেষ্টা চলোৱা হৈছিল বুলি ‘নিয়া’ৰ তৰফৰ পৰা বিবৃতিটোত উল্লেখ কৰা হয়৷ দিল্লীৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে ‘নিয়া’ৰ বিষয়ববীয়াই গ্রেপ্তাৰ কৰে তাহাউৰ ৰাণাক৷ ইয়াৰ পিছতে ‘নিয়া’ৰ মুখ্য কার্যালয়লৈ নিয়া হয় ৰাণাক৷ ৰাণাৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্র, ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, হত্যা, জালিয়াতি আৰু অবৈধ গতিবিধি প্রতিৰোধ আইন বা ইউএপিএৰ আওতাত অভিযোগ আছে৷ ইফালে, ৰাণাক দিল্লীলৈ অনাৰ পূর্বে ‘নিয়া’ৰ মুখ্য কার্যালয় আৰু পাটিয়ালা হাউছ আদালতৰ চৌপাশে নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে৷ লক্ষণীয়ভাৱে কুখ্যাত ষড়যন্ত্রকাৰী তাহাউৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্রত্যর্পণৰ বিষয়টোক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বৃহৎ কূটনৈতিক সফলতা বুলি অভিহিত কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ প্রধানমন্ত্রী মোদীৰ কূটনৈতিক দক্ষতাৰ বাবে দীর্ঘ সময়ৰ পিছত ৰাণাক ভাৰতলৈ অনাটো সম্ভৱ হৈছে বুলি উল্লেখ কৰে মন্ত্রী শ্বাহে৷ স্মর্তব্য যে কুখ্যাত এই সন্ত্রাসবাদী তাহাউৰ ৰাণাৰ গোচৰৰ তদন্ত চলাব ‘নিয়া’ৰ সঞ্চালকপ্রধান সদানন্দ দাতেৰ নেতৃত্বাধীন উচ্চ পর্যায়ৰ এক বিষয়াৰ দলে৷ ২৬/১১ৰ আক্রমণত কুখ্যাত সন্ত্রাসবাদী আজমল কাছভৰ গ্রেনেড আক্রমণৰ পৰা কথমপি ৰক্ষা পৰিছিল সদানন্দ দাতে৷ ইফালে, তাহাউৰ ৰাণাক আমেৰিকাই ভাৰতলৈ প্রত্যর্পণ কৰাৰ পিছতে এই বিষয়টো সন্দর্ভত প্রথমবাৰলৈ প্রতিক্রিয়া প্রকাশ কৰিছে পাকিস্তানে৷ পাক চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে তাহাউৰ ৰাণাৰ পাকিস্তানৰ সৈতে কোনো সম্পর্ক নাই৷ ৰাণা কানাডাৰ নাগৰিক বুলিহে দাবী কৰিছে পাক চৰকাৰে৷