নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক

🔹 পেৰিছত দ্য গ্রেটেষ্ট শ্ব’ অন আর্থ

🔹 বর্ণিল উদ্বোধনী অনুষ্ঠানত ১০০খন নাৱেৰে যাত্রা কৰিব ১০ হাজাৰ খেলুৱৈয়ে

বিশেষ বাৰ্তা, ২৫ জুলাই : পেৰিছত কাইলৈৰ পৰা দ্য গ্রেটেষ্ট শ্ব’ অন আর্থ৷ সুদীর্ঘ ১০০ বছৰৰ পিছত পেৰিছত অনুষ্ঠিত হ’ব বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱখন৷ তৃতীয়বাৰৰ বাবে পেৰিছত অনুষ্ঠিত হ’ব গ্রীষ্মকালীন অলিম্পিক গেমছ৷ মন কৰিবলগীয়া যে দ্বিতীয়খন চহৰ হিচাপে পেৰিছে তিনিবাৰকৈ অলিম্পিক আয়োজন কৰাৰ গৌৰৱ অর্জন কৰিবলৈ সক্ষম হয়৷ ১৯ দিন ধৰি চলিবলগীয়া পেৰিছ অলিম্পিকৰ ইতিমধ্যে কেইবাটাও ইভেণ্টৰ খেল আৰম্ভ হৈছে যদিও কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাৰ পৰা আৰম্ভ হ’ব বর্ণিল উদ্বোধনী অনুষ্ঠান৷ স্মর্তব্য যে অলিম্পিকৰ ইতিহাসত প্রথমবাৰৰ বাবে উদ্বোধনী অনুষ্ঠান ষ্টেডিয়ামৰ বাহিৰত অনুষ্ঠিত হ’ব৷ আইফেল টাৱাৰৰ বিপৰীতে থকা চেইন নদীৰ কাষত অনুষ্ঠিত হ’ব বর্ণিল উদ্বোধনী অনুষ্ঠান৷ এই উদ্বোধনী অনুষ্ঠানত ১০ হাজাৰৰো অধিক খেলুৱৈয়ে ১০০খন নাৱেৰে যাত্রা কৰিব৷ জার্ডিন–প্রাণ্টেছৰ ওচৰৰ অষ্টাৰলিটজ দলঙৰ পৰা আৰম্ভ হোৱা এই বর্ণিল শোভাযাত্রা ট্রকাডেৰ’ত সমাপ্ত হ’ব৷ এই শোভাযাত্রাত ফ্রান্সৰ প্রখ্যাত নাট্য পৰিচালক তথা অভিনেতা থমাছ জলীৰ কলাত্মক পৰিচালনাত তিনি ঘণ্টাৰো অধিক সময় অনুষ্ঠান চলিব৷ পেৰিছৰ লগতে মহানগৰখনৰ কেইবাখনো ষ্টেডিয়ামত খেলসমূহ অনুষ্ঠিত হোৱাৰ বিপৰীতে দেশৰ বিভিন্ন প্রান্তত খেল–ধেমালি আয়োজন কৰা হৈছে৷ বিশ্বৰ ২০৬খন দেশৰ ১০,৭১৪গৰাকী এথলীটে অলম্পিক প্রতিযোগিতাত নিজৰ প্রতিভাৰ স্বীকৃতিৰ বাবে যুঁজ দিব৷ ১১ আগষ্টলৈকে চলিবলগীয়া প্রতিযোগিতাখনৰ ৩২বিধ খেলৰ ৩২৯ ইভেণ্টৰ খেলসমূহ বিভিন্ন ষ্টেডিয়ামত পর্যায়ক্রমে অনুষ্ঠিত কৰা হ’ব৷ বর্ণিল উদ্বোধনী অনুষ্ঠানত ভাৰতীয় পতাকা বহন কৰিব অলিম্পিকত দুবাৰকৈ পদক জয়ী তাৰকা মহিলা শ্বাটলাৰ পি ভি সিন্ধুৰ লগতে তাৰকা পুৰুষ টেবুল টেনিছ খেলুৱৈ অচিন্ত সৰথ কমলে৷ উদ্বোধনী অনুষ্ঠানত ১০০ৰো অধিক ৰাজ্য আৰু চৰকাৰৰ মুৰব্বী উপস্থিত থাকিব আৰু ৩০ লাখৰো অধিক লোকে নদীৰ পাৰৰ পৰা উদ্বোধনী অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ব৷ শোভাযাত্রাত ব্যৱহৃত নাওসমূহত অত্যাধুনিক কেমেৰা লগোৱা হ’ব, যাতে সমগ্র বিশ্বই টেলিভিছনত বর্ণিল উদ্বোধনী অনুষ্ঠান সুকলমে প্রত্যক্ষ কৰিব পাৰে৷ ১৯ দিন ধৰি চলিবলগীয়া প্রতিযোগিতাখনত ভাৰতৰ ১১৭জনীয়া দলে অংশগ্রহণ কৰিব৷ মন কৰিবলগীয়া যে পেৰিছ অলিম্পিকলৈ প্রেৰণ কৰা দলটোৱে হ’ল এতিয়ালৈকে সর্ববৃহৎ দল৷ প্রতিযোগিতাখনৰ ১৬বিধ খেলৰ ৬৯টা ইভেণ্টত ১১২গৰাকী ভাৰতীয় খেলুৱৈয়ে অংশগ্রহণ কৰিব৷ ৫গৰাকীক সংৰক্ষিত খেলুৱৈ হিচাপে দলটোত ৰখা হৈছে৷ গ্রীষ্মকালীন অলিম্পিকখন সুকলমে আয়োজন কৰাৰ বাবে পেৰিছত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ বিভিন্ন সময়ত সন্ত্রাসবাদীয়ে পেৰিছ অলিম্পিকত আক্রমণ কৰিব বুলি হুমকি দিয়াৰ পিছত পোহৰৰ দেশখনত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সর্ববৃহৎ সামৰিক শিবিৰ স্থাপন কৰিছে আয়োজকে৷ মঙলবাৰে মাজনিশা পেৰিছৰ এখন হোটেলত গ্রেপ্তাৰ হয় এজন ৪০ বছৰীয়া ৰাছিয়ান লোকক৷ আৰক্ষীৰ মতে, ৰাছিয়ান লোকজনে অলিম্পিকত বিঘিনি ঘটোৱাৰ ষড়যন্ত্র ৰচিছিল৷ অৱশ্যে ব্যক্তিজন কোনো উগ্রপন্থী সংগঠনৰ সৈতে জড়িত নহয় বুলি প্রশাসনে জানিবলৈ দিছে৷ আনহাতে, অষ্ট্রেলিয়াৰ এগৰাকী যুৱতীক দলবদ্ধ ধর্ষণৰ পিছত পেৰিছত মহিলাৰ সুৰক্ষাৰ ওপৰতো প্রশ্ণ উত্থাপন হৈছে৷ ঘটনাটো সন্দর্ভত পেৰিছ প্রশাসনে কোনো লোকক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে বুধবাৰে ভাৰতীয় দলৰ ৫০গৰাকী খেলুৱৈ পেৰিছত উপস্থিত হৈছে৷ ইয়াৰ ভিতৰত আছে মহিলা তাৰকা শ্বাটলাৰ পি ভি সিন্ধু, সাত্বিকসৈৰাজ ৰণকিৰেড্ডী, চিৰাগ শেট্টী আৰু তাৰকা মহিলা বক্সাৰ নিখাত জাৰিণ৷

You might also like