নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সফ’ৰ্ড–আষ্ট্রাজেনেকাৰ ভেকচিন নিৰাপদ

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ  বিশ্বৰ বিভিন্ন দেশত অক্সফ’ৰ্ড–আষ্ট্রাজেনেকাৰ ক’ভিড–১৯ ভেকচিনৰ পার্শ্বক্রিয়া থকা বুলি অভিযোগ কৰি ভেকচিনবিধ বর্জন কৰা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এতিয়ালৈকে ইউৰোপৰ ১০খন দেশে এই ভেকচিনবিধ বর্জন কৰিছে৷ লগে লগে বিষয়টোক কেন্দ্র কৰি ইউৰোপীয় সংঘৰ অভ্যন্তৰত সৃষ্টি হৈছে মতানৈক্য৷ ব্রিটেইনে অক্সফ’ৰ্ড–আষ্ট্রজেনেকাই প্রস্তুত কৰা ক’ভিড ভেকচিনৰ কোনোধৰণৰ পার্শ্বক্রিয়া নাই বুলি উল্লেখ কৰাৰ উপৰি আমেৰিকাকে ধৰি বিভিন্ন দেশে এই ভেকচিনবিধ ব্যাপক হাৰত জনসাধাৰণক প্রদান কৰা বুলি মন্তব্য আগবঢ়াইছে৷

ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ভেকচিনবিধৰ সপক্ষত যুক্তি দর্শাই থকা সময়তে ইউৰোপীয়ান মেডিচিনছ এজেঞ্চী (ইএমএ)ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে অক্সফ’ৰ্ড–আষ্ট্রাজেনেকাই প্রস্তুত কৰা ক’ভিড ভেকচিন গ্রহণ কৰিলে মগজুত ব্লাড ক্লট সৃষ্টি হোৱা বুলি যি প্রচাৰ চলিছে সেয়া সত্য নহয়৷ এতিয়ালৈকে তেনেধৰণৰ কোনো বিশ্বাসযোগ্য তথ্য সংস্থাটোৰ হাতত পৰা নাই বুলিও উল্লেখ কৰা হৈছে৷

ইতিমধ্যে ভেকচিনবিধৰ পার্শ্বক্রিয়া সন্দর্ভত বিভিন্ন দেশত তদন্ত চলাই থকা হৈছে৷ ইফালে বিশ্ব স্বাস্থ্য সংস্থায়ো এই ভেকচিনবিধ প্রদান কৰা কার্য বন্ধ নকৰিবলৈ সকলো দেশকে আহ্বান জনাইছে৷ আজি বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন নিৰাপত্তা বিশেষজ্ঞৰ দল অক্সফর্ড–আষ্ট্রাজেনেক ক’ভিড ভেকচিন সন্দর্ভত এক পর্যালোচনা বৈঠকত মিলিত হয়৷ বিশেষজ্ঞসকলে উল্লেখ কৰা অনুসৰি ভেকচিনবিধ সন্দর্ভত এক অপপ্রচাৰ চলিছে৷ তাক গুৰুত্ব দিলে বিভিন্ন দেশে মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত সংকটৰ সন্মুখীন হ’ব লাগিব বুলিও উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলে৷

You might also like