পুলৱামাৰ আক্রমণত জড়িত আছিল পাক সেনা
🔹 যুদ্ধবিৰতিৰ পাছতে স্বীকাৰ কৰিলে পাক নৌসেনা বিষয়াই
নিউজ ডেস্ক, ১২ মে’ : পুলৱামাৰ আক্রমণত জড়িত আছিল পাক সেনা ।- স্বীকাৰ কৰিলে পাক নৌসেনা বিষয়াই। ভাৰতৰ বিৰুদ্ধে সন্ত্রাসবাদক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে পাকিস্তানে৷ বিগত ৩–৪টা দশকত ভাৰতৰ উন্নতি, সুস্থিৰতাত ব্যাঘাত ঘটাবলৈ পাকিস্তানৰ হাতিয়াৰ হৈ আহিছে সন্ত্রাসবাদীবোৰ৷ কিন্তু প্রকাশ্যে সেই কথা কোনোদিনে স্বীকাৰ কৰা নাই পাক চৰকাৰে৷ ‘অপাৰেচন সিন্দূৰ’ৰ পাছত ভুলবশতঃ হ’লেও সেই ধ্রুৱ সত্য মানি লৈছে পাক সেনাই৷ শেহতীয়াকৈ পাক নৌসেনাৰ সহঃ মুৰব্বী ঔৰংগজেব চৌধুৰীয়ে স্বীকাৰ কৰিছে যে ২০১৯ চনৰ পুলৱামাৰ আক্রমণৰ নেপথ্যত হাত আছিল পাকিস্তানী সেনাৰ৷ পাক নৌসেনাৰ সহকাৰী মুৰব্বী এয়াৰ ভাইচ মার্শ্বাল ঔৰংগজেব চৌধুৰীয়ে উল্লেখ কৰে যে পাকিস্তানে কৌশলগত দক্ষতাৰ নমুনা ভাৰতক পুলৱামাতে দেখুৱাই দিছিল৷ স্মর্তব্য যে ঔৰংগজেব চৌধুৰীয়ে যোৱা চাৰি দিনৰ যুদ্ধত পাক সেনাৰ তথাকথিত প্রত্যাঘাতৰ বীৰগাথা শুনাইছিল দেশবাসীক৷ তেতিয়াই নৌসেনাৰ বিষয়াগৰাকীয়ে কয় যে পুলৱামাত পাকিস্তানী সেনাই কৌশলগত দক্ষতা দেখুৱাইছে৷ এইবাৰো পাক সেনাই নিজৰ ক্ষমতা দেখুৱাই দিয়া বুলি দাবী কৰিছে চৌধুৰীয়ে৷ অকল সেয়াই নহয়, এইবাৰ ভাৰতে পাক সেনাৰ এনে দক্ষতাৰ সন্মুখত নিজক লুকুওৱা উচিত বুলিও মন্তব্য কৰে চৌধুৰীয়ে৷ স্মর্তব্য যে ২০১৯ৰ ১৪ ফেব্রুৱাৰীত আত্মঘাতী বিস্ফোৰণত কঁপি উঠিছিল জম্মু–কাশ্মীৰৰ পুলৱামা৷ প্রাণ হেৰুৱাইছিল ৪০জন চিআৰপিএফ জোৱানে৷