নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰৰ ভ্রমণৰ অনুমতি নাপাই বাথৰুমতে এৰি গ’ল যাত্রীয়ে

🔹 নির্যাতনকাৰী মহিলাক জামিনত মুকলি

বিশেষ বাৰ্তা, ২৩ মার্চ : ফ্ল’ৰিডাৰ অর্লেণ্ডো আন্তর্জাতিক বিমানবন্দৰত এগৰাকী মহিলা যাত্রীয়ে পোহনীয়া কুকুৰৰ ভ্রমণৰ অনুমতি নাপাই কুকুৰটোক বাথৰুমতে এৰি থৈ যোৱা ঘটনাই ব্যাপক চর্চা লাভ কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, মহিলাগৰাকীয়ে কুকুৰটোৰ ভ্রমণৰ বাবে প্রয়োজনীয় নথি-পত্র দিব নোৱাৰাৰ পৰিপ্রেক্ষিততেই অৱশেষত মহিলাগৰাকীয়ে কুকুৰটো বাথৰুমতে এৰি থৈ যায়৷ এই ঘটনা পোহৰলৈ অহাৰ পিছতে বিমান কর্তৃপক্ষই যাত্রীগৰাকীক কুকুৰৰ প্রতি দেখুওৱা নির্যাতনৰ বাবে আটক কৰে আৰু পিছলৈ ৫ হাজাৰ মার্কিন ডলাৰ জামিনত মুকলি কৰি দিয়ে৷ অর্লেণ্ডো আৰক্ষীয়ে প্রাণীৰ ওপৰত নির্যাতন চলোৱাৰ বাবে যাত্রীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like