নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ভুলৰ বাবেই পেহেলগাম কাণ্ড

🔹 প্রাক্তন পাক ক্রিকেটাৰ আফ্রিদীৰ বিতর্কিত মন্তব্য

নিউজ ডেস্ক, ২৯ এপ্রিল : জম্মু–কাশ্মীৰৰ পেহেলগাম-ত সংঘটিত সন্ত্রাসবাদী আক্রমণে সমগ্র দেশক কঁপাই তোলাৰ সময়তে ভাৰতীয় সেনাক লৈ বিতর্কিত মন্তব্য কৰিছে পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰ শ্বাহিদ আফ্রিদীয়ে৷ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ বাবে ভাৰতীয় সেনাক জগৰীয়া কৰিছে পাক দলটোৰ প্রাক্তন অধিনায়ক শ্বাহিদ আফ্রিদীয়ে৷

পাকিস্তানী চেনেলত মন্তব্য প্রদান কৰি আফ্রিদীয়ে ভাৰতীয় সেনাক অকর্মণ্য বুলি অভিহিত কৰি কয় যে তেওঁলোকে সকলো কামতে পাকিস্তানক দোষাৰোপ কৰে৷ আফ্রিদীয়ে কয় যে ভাৰতত ফটকা বিস্ফোৰণ হ’লে দোষ পাকিস্তানৰ ওপৰত পৰে৷ কাশ্মীৰত ৮ লাখ ভাৰতীয় সেনা জোৱান নিয়োজিত হৈ আছে৷ ইয়াৰ পিছতো তাত এনে আক্রমণ সংঘটিত হৈছে, যাৰ পৰা স্পষ্টকৈ দেখা যায় যে ভাৰতীয় সেনা অকর্মণ্য৷ ভাৰতীয় সেনাই কাকো নিৰাপত্তা প্রদান কৰিব নোৱাৰে৷ নাম প্রকাশ নকৰাকৈয়ে পাকিস্তানক দোষাৰোপ কৰাৰ বাবে ভাৰতৰ প্রাক্তন ক্রিকেটাৰক তীব্র সমালোচনা কৰে আফ্রিদীয়ে৷

পাকিস্তানৰ প্রাক্তন অধিনায়কগৰাকীয়ে লগতে কয় – ‘আমি আপোনালোকক প্রমাণ দিছোঁ৷ আমাৰ হাতত এতিয়াও এজন আছে, এজনক চাহ খুৱাই ঘূৰাই পঠিয়াইছোঁ৷ প্রমাণ দেখুৱাওক, আমাক অপ্রয়োজনীয়ভাৱে দোষ নিদিব৷’ ইফালে, বেলুচিস্তানৰ অশান্তিৰ বাবে ভাৰতক দোষাৰোপ কৰে শ্বাহিদ আফ্রিদীয়ে৷ তেওঁ কয় – ‘আমাৰ দেশত কি হৈ আছে? বেলুচিস্তানত কি হৈ আছে? ইয়াৰ আঁৰত কোন আছে আমি সকলোৱে জানো৷ আমি কেতিয়াও কোনো অভিযোগ উত্থাপন কৰা নাছিলোঁ৷ আমি ভাৰত আৰু বিশ্বক প্রমাণ দিছোঁ৷’

You might also like