নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এই ঘটনাত জড়িত ব্যক্তিক মৃত্যুদণ্ড দিব লাগে’

🔹 তিৰুপতিৰ লাড়ুত গৰু–গাহৰিৰ চর্বি বিতর্ক

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : তিৰুপতিৰ শ্রীভেংকটেশ্বৰ মন্দিৰৰ লাড়ুত গৰু–গাহৰিৰ চর্বিৰ লগতে মাছৰ তেল লেবত ধৰা পৰাৰ পাছত দেশজুৰি প্রতিক্রিয়া অব্যাহত থকাৰ মাজতে আজি মধ্যপ্রদেশৰ মন্ত্রী কৈলাশ বিজয়বার্গিয়াই এনে ঘটনাত জড়িত ব্যক্তিক মৃত্যুদণ্ড দিব লাগে বুলি মন্তব্য কৰিছে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মন্ত্রী বিজয়বার্গিয়াই এই ঘটনা সন্দর্ভত উদ্বেগ প্রকাশ কৰি এনে ঘৃণনীয় কার্যত জড়িত সকলো ব্যক্তিকে মৃত্যুদণ্ড বিহা উচিত বুলি কয়৷ মন্ত্রী বিজয়বার্গিয়াই কয়– তিৰুপতি মন্দিৰৰ প্রসাদত জন্তুৰ চর্বি আৰু মাছৰ তেল ব্যৱহাৰ কৰা বুলি শুনি যোৱানিশা খাব–শুব পৰা নাছিলোঁ৷ বহুবাৰ মই তিৰুপতি মন্দিৰ দর্শন কৰিছোঁ আৰু প্রসাদ সেৱন কৰিছোঁ৷ এনে ঘটনা শুনি হতভম্ব হৈছোঁ৷ সনাতন ধর্মক আঘাত কৰা এনে কার্য কৰা উচিত নহয়৷

You might also like