বিহাৰত সেতুৰ তলত আবদ্ধ হৈ পৰিল বিমান
🔹 মুম্বাইৰ পৰা অসমলৈ ট্রাকেৰে প্রেৰণৰ সময়ত বিড়ম্বনা
বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : যি বিমান আকাশত দেখা যায়, সেই বিমান নামি আহিল মাটিৰ বুুকুলৈ, সেয়াও আকৌ দৈনন্দিন যান–জঁট চলি থকা ব্যস্ত ৰাস্তাত ৷ এখন সেতুৰ তলত আবদ্ধ হৈ পৰিল বিমানখন৷ বিহাৰৰ মোতিহাৰী জিলাৰ এই ঘটনাক লৈ সৃষ্টি হয় চাঞ্চল্য৷ অকল বিমানবন্দৰত অৱতৰণ কৰে বিমানে৷ কিন্তু ব্যস্ত ৰাস্তাত বিমানখন এনেদৰে দলঙৰ তলত আবদ্ধ হৈ পৰা দৃশ্য চাবলৈ মানুহৰ হেতাওপৰা লাগিল৷ লক্ষণীয় যে বিমানখন মুম্বাইৰ পৰা স্থলপথেৰে অসমলৈ প্রেৰণ কৰা হৈছিল৷ এখন ট্রাকত কঢ়িয়াই অনা হৈছিল বিমানখন৷ মোতিহাৰী পিপৰাকোঠি সেতুৰ তলেৰে যোৱাৰ সময়তে বিমানখন আবদ্ধ হৈ পৰে৷ ফলত গোটেই ৰাস্তাত সৃষ্টি হয় যান–জঁট৷ সেতুৰ তলত আবদ্ধ বিমানখনৰ যথেষ্ট ক্ষতিও হৈছে৷ বিভিন্ন অংশ ভাঙি যোৱা বুলি জানিব পৰা গৈছে৷ ট্রাকচালক আৰু স্থানীয় বাসিন্দাসকলৰ সাহায্যত দীর্ঘ প্রচেষ্টাৰ পিছত বিমানখন সেতুৰ তলৰ পৰা মুক্ত কৰা হয়৷