নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবদ্ধ শ্রমিকক পাইপেৰে উলিয়াব অভিযানকাৰী দলে

🔹 সুৰংগ বিপর্যয় : অন্তিম পর্যায়ত উদ্ধাৰ অভিযান

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰ : উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত আবদ্ধ ৪১ শ্রমিকক উদ্ধাৰ অভিযানৰ চূড়ান্ত পর্যায় পাইছে৷ আজি দ্বাদশ দিনত সুৰংগটোত আবদ্ধ হৈ থকা শ্রমিককেইজনক উদ্ধাৰৰ বাবে চলাই থকা অভিযানে শীঘ্রেই সুখবৰ অনাৰ ইংগিত দিছে৷ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কিয়াৰা–ডাণ্ডলগাঁ সুৰংগত ভূমিস্খলনৰ ফলত ১২ নৱেম্বৰত ৪১জন শ্রমিক আবদ্ধ হৈ পৰে৷ নির্মীয়মাণ সুৰংগটোত ভূমিস্খলনত প্রায় ৬০ মিটাৰ শিল–বালি–মাটিৰ ধ্বংসাৱশেষেৰে ছিল্কিয়াৰাৰ মুখৰ পিনে সুৰংগটো বন্ধ হৈ পৰাত ৪১জন শ্রমিক আবদ্ধ হৈ পৰে৷ উক্ত দিনাৰে পৰা উচ্চ ক্ষমতাসম্পন্ন ড্রিলিং মেচিনেৰে শ্রমিকসকলক উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে যদিও ই সফল হোৱা নাছিল৷ আন্তর্জাতিক সুৰংগ বিশেষজ্ঞ আর্নল্ড ডিক্সে তিনি দিন পূর্বে ঘটনাস্থলীত উপস্থিত হৈ অভিযান পৰিচালনা কৰাৰ পিছতেই ৪১শ্রমিকক উদ্ধাৰৰ পথ প্রায় প্রশস্ত হৈ উঠিছে৷ ৯০০ এম এম পাইপ আৰু ৮০০ এম এম পাইপেৰে ধ্বংসাৱশেষ আঁতৰাই আবদ্ধ শ্রমিকক বাহিৰলৈ উলিয়াই অনাৰ অভিযান চলি আছে৷ মাত্র কেইমিটাৰমান ধ্বংসাৱশেষ বাকী থকা অৱস্থাত অভিযান চলি আছে আৰু শীঘ্রেই আবদ্ধ শ্রমিকক মোকলাই আনিব পৰা যাব৷ উত্তৰাখণ্ডৰ ঘটনাস্থলীত এনডিআৰএফৰ মুৰব্বীয়ে প্রকাশ কৰা মতে, আজি পুৱাৰ ভাগতে আবদ্ধ শ্রমিকসকলক মুকলি স্থানলৈ আনিব পৰাৰ সম্ভাৱনা আছে৷ পাইপেৰে আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযানকাৰী দলে অহোপুৰুষার্থ কৰি আছে৷ আবদ্ধ শ্রমিকসকলক হুইল চেয়াৰ কিম্বা ট্রেচাৰেৰে সুৰংগৰ বাহিৰলৈ উলিয়াই অনাৰ পিছত ততালিকে ওচৰতে স্থাপন কৰা চিকিৎসালয়লৈ নিব৷ ক্ষণিক সময়ৰ পিছতেই এই শ্রমিকসকলক হূষীকেশৰ এইমছলৈ নিয়াৰ বাবে হাস্পতালখন সাজু কৰি ৰাখিছে৷ ইপিনে, সুৰংগৰ পৰা বাহিৰলৈ অনাৰ বাবে ক্ষণ গণি থকা শ্রমিকসকলৰ সৈতে কালি বার্তালাপ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে৷ মুখ্যমন্ত্রীগৰাকীয়ে শ্রমিকসকলৰ লগত বার্তালাপ কৰা ভিডিঅ’ প্রচাৰ কৰি আবদ্ধ শ্রমিককেইজন নিৰাপদে আছে বুলি প্রকাশ কৰিছে৷ সুৰংগত আবদ্ধ শ্রমিকক উদ্ধাৰৰ বাবে অব্যাহত অভিযানৰ বিতং তথ্যৰ বুজ লৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রীগৰাকীয়ে টেলিফোনিক বার্তাযোগে মুখ্যমন্ত্রীৰ সৈতে অভিযানৰ বুজ লৈ আছে৷ কেন্দ্রীয় মন্ত্রী ভি কে সিং কালি ঘটনাস্থলীত উপস্থিত হৈ সমগ্র অভিযানৰ বুজ লয় ৷ আনপিনে আবদ্ধ শ্রমিকসকলৰ মানসিক স্থিতি সবল কৰি ৰাখিবলৈ মানসিক স্বাস্থ্য বিশেষজ্ঞৰ সহায় লোৱা হৈছে৷ আবদ্ধ শ্রমিকৰ সৈতে মানসিক স্বাস্থ্য বিশেষজ্ঞক বার্তালাপৰ ব্যৱস্থা কৰা হৈছে৷ তথ্য মতে এনডিআৰএফে পাইপেৰে আবদ্ধ শ্রমিকক এজন এজনকৈ উলিয়াই আনিব৷ হুইল ষ্ট্রেচাৰত শ্রমিকক বান্ধি লৈ উদ্ধাৰত ব্যৱহাৰ কৰা পাইপেৰে উলিয়াই অনা হ’ব৷ পাইপেৰে এনডিআৰএফৰ দলে আবদ্ধ শ্রমিকৰ স্থানত উপনীত হোৱাৰ পিছত তাৰ পৰা এজন এজনকৈ বাহিৰলৈ উলিয়াই দিব৷ আবদ্ধ শ্রমিকক উদ্ধাৰৰ বাবে চলাই থকা অভিযান আজি সামৰণি পৰিবনে, সেই সন্দর্ভত এতিয়াও স্পষ্টকৈ প্রকাশ কৰা নাই অভিযানকাৰী দলে৷

You might also like